ETV Bharat / state

নিশ্চিহ্ন হোৱাৰ পথত ধেমাজি জিলাৰ একমাত্ৰ নদীদ্বীপ কবুচাপৰি

author img

By

Published : Jun 27, 2021, 9:27 AM IST

জোনাইত চিয়াং-লালী নদীৰ গৰাখহনীয়াত নিশ্চিহ্ন হোৱাৰ পথত ধেমাজি জিলাৰ একমাত্ৰ নদীদ্বীপ কবুচাপৰিত চৰকাৰী উন্নয়নে ঢুকি পোৱা নাই ৷ জোনাইৰ একমাত্ৰ নদীদ্বীপ কবু চাপৰি অঞ্চল, দুৰ্গম বাট-পথ, নাই অনাময় ব্যৱস্থা, স্বাস্থ্য, বিশুদ্ধ খোৱা-পানী এশ এবুৰি সমস্যাৰে জৰ্জৰিত কবুচাপৰি ৷

as-dhamji_the-only-river-island-in-dhemaji-district-on-the-way-to-extinction-is-in-the-kabushaparai_ ASC10072
নিশ্চিহ্ন হোৱাৰ পথত ধেমাজি জিলাৰ একমাত্ৰ নদীদ্বীপ কবুচাপৰি

জোনাই, 27 জুন : ১১৪ নং জোনাই (ST) বিধানসভা সমষ্টিৰ মূৰ্কংচেলেক (ST) উন্নয়ন খণ্ডৰ চিলে গাঁও পঞ্চায়তৰ অন্তৰ্গত নদীদ্বীপ কবু চাপৰি অঞ্চল ৷ ধেমাজি জিলাৰ জোনাই মহকুমাৰ নদীদ্বীপ কবুচাপৰিত চিয়াং-লালী গৰাখহনীয়াত সৰ্বস্বান্ত কবু চাপৰি অঞ্চল ৷ নদী দ্বীপ কবু চাপৰি যিকোনো মুহুৰ্ততে নিশ্চিহ্ন হৈ যাব পাৰে চিয়াং লালী নদীৰ বুকুত ।

কিন্তু জিলা প্ৰশাসন বা জলসম্পদ বিভাগে কবুচাপৰি অঞ্চলক ৰক্ষাৰ বাবে আজিলৈকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । গৰাখহনীয়া প্ৰতিৰোধৰ বাবেও কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা নাই । জলসম্পদ বিভাগৰ হেমাহিৰ বাবে কৃষিভূমি খহনীয়াৰ কৱলত পৰিছে ৷ উল্লেখযোগ্য যে, কৃষি প্ৰধান দৰিদ্ৰ লোকৰ বসতিস্থল এইসমূহ গাঁও প্ৰতি বছৰেই বান আৰু গৰাখহনীয়াত সৰ্বস্বান্ত হয় ৷ একেদৰে প্ৰতি বছৰেই নিজৰ ঘৰলৈ ইঠাইৰ পৰা সিঠাই লৈ দৌৰিব লগীয়াত পৰে ।

সম্প্ৰতি চিয়াং লালী নদীৰ খহনীয়াত নিজৰ ঘৰ দুৱাৰ বিলিন হোৱাত লোকসকলে বিভিন্ন স্থানত থাকিব লগীয়া হৈছে । স্থানীয় বিধায়ক তথা সাংসদ জনপ্ৰতিনিধিয়ে বহুবাৰ পৰিদৰ্শন কৰিছে যদিও বাস্তৱত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে যিদৰে তৎপৰতাৰে কাম কৰিব লাগিছিল সেয়া কাৰ্যক্ষেত্ৰত কিঞ্চিত পৰিমাণেও হোৱা দেখা নাই । উপায়ন্তৰ হৈ কবু চাপৰি গাঁৱবাসীয়ে চৰকাৰক গৰাখহনীয়া প্ৰতিৰোধ কৰি দিবলৈ আহ্বান জনাইছে যাতে ধেমাজি জিলাৰ একমাত্ৰ নদীদ্বীপ অঞ্চল কবুচাপৰি গৰাখহনীয়াত বিলীন হৈ নাযায় ৷

আনহাতে, কবুচাপৰি অঞ্চলত আজিও উন্নয়নৰ আন্তঃগাঁথনি বিভিন্ন ক্ষেত্ৰত হোৱা দেখা পোৱা নাই । কবুচাপৰি অঞ্চলত যাতায়ত, স্বাস্থ্য, বিশুদ্ধ খোৱাপানী, ভূমি পট্টনৰ লগতে অনাময় আঁচনিৰ ব্যৱস্থাও কৰি দিয়া নাই ৷ উল্লেখযোগ্য যে, কবুচাপৰিবাসীয়ে বছৰৰ বাৰমাহেই কষ্টকৰ জীৱন অতিবাহিত কৰি আহিছে । বহিঃ জগতৰ সৈতে যাতায়ত-যোগাযোগৰ একমাত্ৰ পথ হৈছে নাও ৷ অতি শীঘ্ৰেই কবু চাপৰিৰৰ বাট-পথ, বিশুদ্ধ খোৱা পানী, উন্নত বিদ্যুত সেৱা, অনাময় ব্যৱস্থাকে আদিকৰি বিভিন্ন জ্বলন্ত সমস্যা সমূহ সমাধানৰ ব্যৱস্থা ল'বলৈ নৱ নিৰ্বাচিত চৰকাৰ, জনপ্ৰতিনিধি সকলক দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়কঃ নামৰূপ সাৰ কাৰখানাৰ সম্মুখত 15 বছৰীয়া প্ৰৱঞ্চনা দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.