জোনাই,7ডিচেম্বৰঃআগন্তুক 2021বৰ্ষৰ জানুৱাৰী মাহত জোনাইত অনুষ্ঠিত হ'ব সদৌ মিচিং ছাত্ৰ সন্থা(টিএমপিকে)ৰ সোণালী জয়ন্তী।এই উদ্দেশ্যৰেই দেওবাৰে গঠন কৰা হয় অধিৱেশনৰ অভ্যৰ্থনা সমিতি ৷ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ ৰাজহুৱা সভাত মিচিং বা:নে কৌবাঙৰ সাধাৰণ সম্পাদক ৰাজু মেদকক অভ্যৰ্থনা সমিতিৰ সভাপতিৰ দায়িত্ব দিয়াৰ লগতে মিচিং স্বায়ত্ব পৰিষদৰ সাধাৰণ সদস্য নৰেশ কুম্বাঙক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয় ৷ সভাত ১০০ জনীয়া এক শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰি সংগঠনটোৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে বছৰজোৰাকৈ উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
অসমৰ দ্বিতীয় বৃহৎ জনজাতি জনগোষ্ঠী মিচিং সকলৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌ মিচিং ছাত্ৰ সন্থা ( টিএমপিকে) 1971চনত জন্ম লাভ কৰিছিল ৷ ইপিনে,দেওবাৰে অনুষ্ঠিত ৰাজহুৱা সভাত বিধায়ক ভূৱন পেগু, মিচিং বাঃনে কৌবাঙৰ সভাপতি তথা মিচিং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়কে আদি কৰি জোনাইৰ বুদ্ধিজীৱি,সমাজকৰ্মী,ছাত্ৰ নেতা,বিভিন্ন দল-সংগঠনৰ নেতৃবৰ্গই অংশগ্ৰহণ কৰে ৷
লগতে পঢ়কঃআজি বিটিচিৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ