ETV Bharat / state

Poor education system : গোহালিত অংগনৱাড়ী কেন্দ্ৰ

author img

By

Published : Oct 19, 2022, 1:41 PM IST

শিক্ষাৰ ক্ষেত্ৰত বহু পিছপৰি আছে ধেমাজি জিলাৰ জোনাই অঞ্চল (Poor education system in Jonai)। গৰাখহনীয়াত উটি যোৱাৰ পাছত গৰুৰ গোহালিতে অংগনৱাড়ী কেন্দ্ৰ চলাবলগীয়া হৈছে । নিতৌ মৰণত শৰণ দি নাৱেৰে শিক্ষাৰ্থীৰ বিদ্যালয়লৈ যাত্ৰা ।

Poor education system
গোহালিত অংগণবাড়ী কেন্দ্ৰ

জোনাই,১৯ অক্টোবৰ : ধুবুৰী কাণ্ড আৰু ৮ ছেপ্টেম্বৰৰ মাজুলীৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনা (Majuli ferry tragedy) হয়তো আপোনাৰ মনত আছে । অসম লগতে সমগ্ৰ দেশকে জোকাৰি গৈছিল সেই মৰ্মান্তিক ঘটনাই । কিন্তু আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বাবে সেইবোৰ এতিয়া পাহৰণিৰ গৰ্ভত ।

গোহালিত অংগনৱাড়ী কেন্দ্ৰ

সেই ঘটনাবোৰৰ পৰা শিক্ষা নল'লে বিভাগটোৱে (Irresponsibility of IWTD)। এতিয়াও বহু স্থানত যাত্ৰীৰ সুৰক্ষাৰ বাবে কোনো ব্যৱস্থা লোৱা হোৱা নাই । বিপদসংকুলভাৱে এতিয়াও ব্ৰহ্মপুত্ৰৰ বুকুৰে নিতৌ পাৰ হৈছে হাজাৰ হাজাৰ লোকে । আনকি এই ক্ষেত্ৰত ৰাইজও সজাগ হোৱা নাই ।

ধেমাজি জিলাতো একেই পৰিৱেশ । ইয়াৰ মাজতে জিলাখনৰ চেঙাজানত কণ কণ শিশুৰ এক শিহৰণকাৰী নাও যাত্ৰাই সকলোকে আচৰিত কৰি তুলিছে । যি শিহৰণকাৰী নাও যাত্ৰাৰ দৃশ্য দেখিলে আপোনাৰো বুকু কপি উঠিব । নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি বিপদসংকুলভাৱে এখন টুলুঙা নাৱেৰে দৈনিক লালী নদী পাৰ হৈছে কণ কণ স্কুলীয়া ল'ৰা-ছোৱালীয়ে ।

জোনাইৰ চেঙাজান গোৱাল গাঁৱৰ ঘটনা এয়া । গাঁৱখনত এখন অপ্ৰাদেশীকৃত প্ৰাথমিক বিদ্যালয় আছিল যদিও লালী নদীৰ প্ৰৱল গৰাখহনীয়াত শেহতীয়াকৈ জাহ গৈছে বিদ্যালয়খনৰ লগতে বহু পৰিয়ালৰ ঘৰ-বাৰী । ফলত উপায়ন্তৰ হৈ গাঁওবাসীয়ে কণ কণ শিক্ষাৰ্থীৰ পাঠদানৰ বাবে গাঁৱৰে এখন ৰাজহুৱা সভাগৃহ ঠিক কৰি দিয়ে । কিন্তু বেৰ নথকা গৃহটোত ৰ'দ, বতাহ-বৰষুণৰ বাবে প্ৰায়েই বন্ধ দিবলগীয়া হয় । যাৰ বাবে কণ কণ শিশুসকলে শিক্ষাৰ পোহৰৰ সন্ধানত দৈনিক বিপদ সংকুলভাৱে এখন টুলুঙা নাৱেৰে লালী নদীৰ সিপাৰে থকা বিদ্যালয়সমূহলৈ যাবলগীয়া হয় (Dangerous ferry ride at Jonai)। দৃশ্য দেখিবলৈ আপুনিও শংকিত হ'ব । যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা ।

ইফালে গাঁৱৰ সমাজ কল্যাণ বিভাগৰ অংগনৱাড়ী কেন্দ্ৰৰ অৱস্থাও অতি দুখ লগা । কেন্দ্ৰটোও লালী নদীৰ খহনীয়াত জাহ যোৱাত দীৰ্ঘদিনৰ পৰা কেন্দ্ৰটো চলি আহিছে গৰুৰ গোহালিত । অঞ্চলটো শৈক্ষিক দিশত একেবাৰে পিছপৰি আছে যদিও চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই (Poor education system)। যাৰ বাবে ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । অতি শীঘ্ৰে অঞ্চলটোত এখন চৰকাৰী নাও আৰু গাঁৱৰ কণ কণ শিশুসকলৰ শিক্ষাৰ বাবে এখন চৰকাৰী বিদ্যালয়ৰ সু-ব্যৱস্থা কৰি দিবলৈ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:Erosion in Bihpuria : সোৱণশিৰিৰ বুকুত জাহ গ'ল ১৪ কোটি টকীয়া আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.