ETV Bharat / state

জোনাইৰ অসম-অৰুণাচল সীমান্তত উত্তেজনা - জোনাইৰ অসম-অৰুণাচল সীমান্তত উত্তেজনা

লক ডাউনৰ সময়তে বুধবাৰে ধেমাজি জিলাৰ জোনাইৰ অসম অৰুণাচল সীমান্তত উত্তেজনা ৷ অসম ভূমিত গেট নিৰ্মাণক লৈ অৰুণাচলী লোকে সৃষ্টি কৰে উত্তেজনাৰ । লক ডাউনৰ সুযোগ লৈ জোনাইৰ ঐৰামঘটত অৰুণাচল সীমান্তৰ পৰা প্ৰায় 1 কিলোমিটাৰ দূৰৈৰ অসমৰ ভূমিত অৰুণাচলী লোকে প্ৰৱেশ কৰি বাঁহেৰে গেট নিৰ্মাণ কৰে,যাৰ ফলত বাঁহৰ গেটখনৰ ভিতৰত আবদ্ধ হৈ পৰে অসমৰ প্ৰায় ১২ টা পৰিয়াল ।

জোনাইৰ অসম-অৰুণাচল সীমান্তত উত্তেজনা
জোনাইৰ অসম-অৰুণাচল সীমান্তত উত্তেজনা
author img

By

Published : Apr 16, 2020, 7:29 PM IST

জোনাই, 16 এপ্ৰিল : বুধবাৰে জোনাইৰ ঐৰামঘটত অৰুণাচল সীমান্তৰ পৰা প্ৰায় 1 কিলোমিটাৰ অসমৰ ভূমিত ২০-২৫ জনীয়া অৰুণাচলী এটা দলে হাতে হাতে দা,বন্দুক লৈ ভূমি বেদখলৰ উদ্দেশ্যে বাঁহেৰে গেট নিৰ্মাণ কৰা কাৰ্যক লৈ সীমান্তত থকা অসমৰ কেমি,ঐৰামঘাট অঞ্চলৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইয়াৰ ফলস্বৰূপে,সীমান্তৰ ৰাইজে গেটখন ভাঙি অসম-অৰুণাচল সীমান্তত নিৰ্মাণ কৰিবলৈ অৰুণাচলী লোকসকলক দাবী জনায় ।

জোনাইৰ অসম-অৰুণাচল সীমান্তত উত্তেজনা

কিন্তু অসম আৰক্ষীক বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো বহু পলমকৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ৷ আলোচনাৰ অন্তত দুই সীমান্তৰ ৰাইজে বাঁহৰ গেটখন লক ডাউনৰ বাবেহে নিৰ্মাণ কৰা হৈছে আৰু লক ডাউনৰ পিছত গেটখন ভাঙি দিয়া হ‘ব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : কৰ'ণাত আক্ৰান্ত 3 জনক কৰ'ণা মুক্ত ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.