ETV Bharat / state

Teacher beating student update: আজিও সুস্থ হৈ উঠা নাই শিক্ষকৰ প্ৰহাৰত আহত হোৱা ছাত্ৰী

author img

By

Published : Dec 13, 2022, 4:21 PM IST

জোনাইৰ ডেকাপাম উচ্চ মাধ্যমিক বিদ্যালয়ত এগৰাকী বিষয় শিক্ষকৰ দ্বাৰা প্ৰহাৰ হ’ল এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী (Teacher beating student) ৷ প্ৰায় 6 মাহৰ পূৰ্বে শিক্ষকৰ প্ৰহাৰত কাণত গুৰুতৰভাৱে আঘাত পোৱা ছাত্ৰীগৰাকী আজিও সুস্থ হৈ উঠা নাই ৷ ফলত চিন্তিত হৈ পৰিছে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোক ৷ সেয়ে উপায়ন্তৰ হৈ এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজেও ৷

Teacher beating student at Jonai
আজিও সুস্থ হৈ উঠা নাই শিক্ষকৰ প্ৰহাৰত আহত হোৱা ছাত্ৰী

জোনাই, 13 ডিচেম্বৰ : জোনাইত অঘটন ৷ সাধাৰণ এটা ভুলৰ বাবেই প্ৰায় 6 মাহ পূৰ্বে এগৰাকী শিক্ষকে প্ৰহাৰ কৰিছিল এগৰাকী ছাত্ৰীক (Teacher beating student at Jonai)৷ শিক্ষকগৰাকীৰ প্ৰহাৰত কাণত গুৰুতৰভাৱে আঘাত পাইছিল ছাত্ৰীগৰাকীয়ে ৷ বৰ্তমানো সুস্থ হৈ উঠা নাই ছাত্ৰীগৰাকী ৷ এই অভিযোগ ভুক্তভোগী ছাত্ৰীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ লোকৰ ৷

অভিযোগ অনুসৰি, প্ৰায় 6 মাহ পূৰ্বে ডেকাপাম উচ্চ মাধ্যমিক বিদ্যালয়ত নামভৰ্তিৰ সময়ত অজানিতে ম’বাইল নম্বৰ ভুলকৈ দিছিল ছাত্ৰীগৰাকীয়ে ৷ এই ভুলৰ বাবেই ছাত্ৰীগৰাকীক বেয়াকৈ কাণত প্ৰহাৰ কৰিছিল ডেকাপাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক কামদেৱ পাইটে (Student brutally tortured by school teacher) । ফলত থিতাতে মূৰ্চা যায় ছাত্ৰীগৰাকী ৷ পৰৱৰ্তী সময়ত ছাত্ৰীগৰাকীক ডেকাপাম উপ স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় ৷

কিন্তু প্ৰাথমিক চিকিৎসাৰ অন্তত চিকিৎসকে ছাত্ৰীগৰাকীক উন্নত চিকিৎসা কৰাবলৈ পৰামৰ্শ দিয়ে ৷ সেই সময়ত ভয়ত বিতত হৈ অভিযুক্ত শিক্ষক কামদেৱ পাইটে ভুক্তভোগী ছাত্ৰীগৰাকীৰ চিকিৎসাৰ সমস্ত দায়িত্ব গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে ৷ কিন্তু ভুক্তভোগী ছাত্ৰীগৰাকীৰ কিছু সাধাৰণ চিকিৎসা কৰিয়েই দায়িত্ব সামৰে শিক্ষক কামদেৱ পাইটে ৷

লগতে পঢ়ক : Teacher beating students: স্কুলীয়া ছাত্ৰীক শিক্ষকৰ নিৰ্মম প্ৰহাৰ

ঘটনাৰ প্ৰায় 6/7 মাহ পাৰ হৈ যোৱাৰ পাচতো ভুক্তভোগী ছাত্ৰীগৰাকীৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰাতো দূৰৰ কথা ছাত্ৰীগৰাকীৰ খবৰ ল’বলৈ আহৰি পোৱা নাই শিক্ষকগৰাকীয়ে ৷ সংবাদ মাধ্যমৰ আগত এই অভিযোগ উত্থাপন কৰে ভুক্তভোগী ছাত্ৰীগৰাকীৰ অভিভাৱকে ৷

ইফালে যিমানে সময় পাৰ হৈছে, সিমানে কাণৰ বিষত চটফটাব ধৰিছে ছাত্ৰীগৰাকীয়ে ৷ ছাত্ৰীগৰাকীৰ এই অৱস্থা দেখি দিশহাৰা হৈ পৰিছে এতিয়া ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃ ৷ উপায়ন্তৰ হৈ ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে এতিয়া বিভাগীয় কৰ্তৃপক্ষৰ কাষ চাপিছে ৷

লগতে ছাত্ৰীগৰাকীৰ উন্নত চিকিৎসাৰ লগতে শিক্ষকজনৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী কৰিছে ৷ অন্যথা এই সন্দৰ্ভত শীঘ্ৰে আইনৰ আশ্ৰয় ল’ব বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ভুক্তভোগী ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃৰ লগতে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : Siddhartha Rajkhowa firing: সম্পত্তিৰ বাবেই সিদ্ধাৰ্থক হত্যাৰ চেষ্টা চলাইছিল আত্মীয়ই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.