ETV Bharat / state

জোনাইৰ বৰগুলীত ড্ৰোন প্ৰযুক্তিৰে জৰীপ - Survey by drone technology at Jonai of Dhemaji

আধুনিক ভূমি লেখা ব্যৱস্থাপনাৰ ক্ষেত্ৰত আদৰ্শ গাঁও সৃষ্টি কৰাৰ বাবে জোনাই ৰাজহ চক্ৰ অন্তৰ্গত অমৰপুৰ নাহৰ বৰগুলী গাঁৱত স্বামিত্ব আঁচনিৰ অধীনত ড্ৰোন প্ৰযুক্তিৰ জৰিয়তে বিশদ জৰীপ (Survey by drone technology at Jonai) আৰম্ভ । অসমৰ ভিতৰতে এই আধুনিক ড্ৰোন প্ৰযুক্তিৰ জৰিয়তে ভূমিলেখা ব্যৱস্থাপনা ধেমাজি আৰু লখিমপুৰ জিলাত পোন প্ৰথমবাৰৰ বাবে কৰা হৈছে ।

Survey by drone technology at Jonai
জোনাইৰ বৰগুলীত ড্ৰোন প্ৰযুক্তিৰে জৰীপ
author img

By

Published : Sep 27, 2022, 8:44 PM IST

জোনাই,২৭ ছেপ্টেম্বৰ: ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰ অন্তৰ্গত অমৰপুৰ নাহৰ বৰগুলী গাঁৱত স্বামিত্ব আঁচনিৰ অধীনত ড্ৰোন প্ৰযুক্তিৰ জৰিয়তে (Survey by drone technology at Jonai of Dhemaji) বিশদ জৰীপ মঙলবাৰে জোনাইৰ গালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত শুভ উদ্বোধন কৰা হয় । এই আঁচনিখ মুকলি কৰে লক্ষীমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে ৷

আধুনিক ভূমি লেখা ব্যৱস্থাপনাৰ ক্ষেত্ৰত আদৰ্শ গাঁও সৃষ্টি কৰাৰ বাবে এই আঁচনিৰ জৰিয়তে এবছৰ ভিতৰতে জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ১২০ খন গাঁৱৰ ৰাইজৰ ভূমি জৰীপৰ ব্যৱস্থা সম্পন্ন হ'ব । অসমৰ ভিতৰতে এই আধুনিক ড্ৰোন প্ৰযুক্তিৰ জৰিয়তে ভূমিলেখা ব্যৱস্থাপনা ধেমাজি আৰু লখিমপুৰ জিলাত পোন প্ৰথমবাৰৰ বাবে কৰা হ'ব বুলি কয় সাংসদ প্ৰদান বৰুৱাই ।

জোনাইৰ বৰগুলীত ড্ৰোন প্ৰযুক্তিৰে জৰীপ

এই স্বামিত্ব আঁচনিৰ অধীনত ড্ৰোন প্ৰযুক্তিৰে বিশদ জৰীপ কাৰ্য শুভ উদ্বোধন কৰি স্থানীয় সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুৱে জোনাইৰ দুখীয়া ৰাইজৰ এক বহুদিনীয়া সপোন পূৰণ হ'ব বুলি প্ৰকাশ কৰে । ইয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক: তেজপুৰ বায়ুসেনাৰ ঘাটিত ভাৰতীয় বায়ুসেনাৰ বিশাল এয়াৰ শ্ব’ৰ বিৰল দৃশ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.