ETV Bharat / state

চৰকাৰী শিক্ষাৰ পুতৌলগা দৃশ্য ধেমাজিত: গছৰ তলত শিক্ষাগ্ৰহণ ছাত্র-ছাত্ৰীৰ

author img

By

Published : Nov 29, 2019, 12:48 PM IST

চৰকাৰৰ শিক্ষাবিভাগে উন্নতিৰ জয়ঢোল বজোৱাৰ সময়তে ধেমাজিৰ শিমলুগুৰি কাঁহচৰা প্ৰাথমিক বিদ্যালয়ত পৰিলক্ষিত হৈছে এক ব্যতিক্ৰমী দৃশ্য,শুনিবলৈ আচহুৱা যেন লাগিলেও জিলাখনৰ এখন বিদ্যালয়ত শিক্ষাৰ্থীয়ে গছৰ তলত শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছে, শ্ৰেণীকোঠা তথা ডেক্স-বেঞ্চৰ অভাৱৰ বাবে অধিকাংশ ছাত্র-ছাত্ৰীয়ে সম্প্ৰতি এইদৰে শিক্ষাগ্ৰহণ কৰি আছে ৷

students-are-reading-under-the-tree-at-dhemaji
চৰকাৰী শিক্ষাৰ পুতৌলগা দৃশ্য ধেমাজিত: গছৰ তলত শিক্ষাগ্ৰহণ ছাত্র-ছাত্ৰীৰ

ধেমাজি, ২৯ নৱেম্বৰ: চৰকাৰৰ শিক্ষাবিভাগে উন্নতিৰ জয়ঢোল বজোৱাৰ সময়তে ধেমাজিৰ শিমলুগুৰি কাঁহচৰা প্ৰাথমিক বিদ্যালয়ত পৰিলক্ষিত হৈছে এক ব্যতিক্ৰমী দৃশ্য ৷ বৰ্তমান সময়ত শুনিবলৈ আচহুৱা যেন লাগিলেও জিলাখনৰ এখন বিদ্যালয়ত শিক্ষাৰ্থীয়ে গছৰ তলত শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছে ৷ উল্লেখ্য যে, বিদ্যালয়খনত শ্ৰেণীকোঠা তথা ডেক্স-বেঞ্চৰ অভাৱৰ বাবে অধিকাংশ ছাত্র-ছাত্ৰীয়ে সম্প্ৰতি এইদৰে শিক্ষাগ্ৰহণ কৰি আছে । উক্ত বিদ্যালয়খন ধেমাজি শিক্ষাখণ্ডৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৰ সমীপৱৰ্তী বিষ্ণুপুৰ বনগাঁৱত অৱস্থিত ৷ পূৰ্বে 1969 চনত টেকজুৰিত স্থাপিত বিদ্যালয়খন প্ৰলয়ংকৰী জীয়াঢলৰ বানত জাহ যোৱাৰ পিছত, 2011 চনত বনগাঁৱত স্থাপন কৰা হয় । গছৰ তলত শিক্ষাপ্ৰদানৰ ক্ষেত্ৰত প্ৰধান শিক্ষক পংকজ কলিতাৰ শ্ৰম আৰু ত্যাগ শলাগিবলগীয়া ৷ উক্ত ঘটনা সন্দৰ্ভত প্ৰধান শিক্ষক কলিতাই জানিবলৈ দিয়া মতে, বিদ্যালয়খনত আছে ডেৰশৰো অধিক ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে দুজন শিক্ষক ।

চৰকাৰী শিক্ষাৰ পুতৌলগা দৃশ্য ধেমাজিত: গছৰ তলত শিক্ষাগ্ৰহণ ছাত্র-ছাত্ৰীৰ

ইপিনে স্থানীয় ৰাইজৰ সহযোগত প্ৰধান শিক্ষক গৰাকীয়ে শৈক্ষিক পৰিৱেশ গঢ় দিবলৈ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে । সম্প্ৰতি ভগ্নপ্ৰায় শ্ৰেণীকোঠালৈ সোমাই আহে পোহৰ । বিদ্যালয়খনত নাই চৰকাৰী কোনো আচবাব । বিদ্যালয় কৰ্তৃপক্ষই ইয়াৰ আন্তগাঁথনি আৰু শিক্ষকৰ অভাৱ সন্দৰ্ভত বাৰম্বাৰ জিলাৰ শিক্ষাবিভাগক অৱগত কৰি অহা সত্বেও আজিকোপতি কোনো ব্যৱস্থা কৰা নাই বুলি মন্তব্য কৰিছে প্ৰধান শিক্ষকগৰাকীয়ে । স্মৰ্তব্য যে, যি সময়ত ছাত্র-ছাত্ৰীৰ অভাৱত চৰকাৰী বিদ্যালয়ৰ অপমৃত্যু ঘটিছে, তেনে সময়তে প্ৰধান শিক্ষকগৰাকীৰ বিদ্যালয়খনক জীয়াই ৰখাৰ প্ৰয়াস প্ৰশংসনীয় ৷

লগতে চাওক:গুৱাহাটীত দেশৰ সৰ্ববৃহৎ যুৱ ক্ৰীড়া সমাৰোহ ’’ খেল’ ইণ্ডিয়া 2020’’

Intro:গছৰ তলত জীৱনৰ আদিপা ঠ গ্ৰহন কৰিছে এ জাক ছাত্র ছাত্ৰীয়ে । কিয় গছৰ তলত শিক্ষা লবলগীয়া হৈছে চাও আহক এই প্ৰতিবেদন

Body:।

ধেমাজি , ২৯ নৱেম্বৰ : গছৰ তলত শিক্ষা । বৰ্তমান সময়ত শুনিবলৈ আচহুৱা যেন লাগিলেও প্ৰকৃততে ইয়ে সত্য । কাৰণ আপুনি বিদ্যালয়খন প্ৰত্য ক্ষ কৰিলে আচৰিত হব যে বিদ্যালয়খনৰ শ্ৰেণী কোঠা আৰু বেঞ্চ ডেক্সৰ অভাৱৰ বাবে আধা ছাত্রছাত্ৰী য়ে বিদ্যালয়ৰ শ্ৰেণী কোঠাত আৰু আধা ছাত্র ছাত্ৰীয়ে গছৰ তলত শিক্ষাগ্ৰহন কৰিবলগীয়া হৈছে । এইখন হৈছে ধেমাজি শিক্ষা খণ্ডৰ অন্তগৰ্ত অসম অৰুণাচল ,সীমান্ত সমীপৰ বিষ্ণুপূৰ ৰ বনগাৱত অৱস্থিত শিমলু গুৰি কাঁ হচৰা প্ৰাথমিক বিদ্যালয় । উল্লেখ্য যে ১৯৬৯ চনত স্থাপন , হোৱা বিদ্যালয়খন পূৰ্বতে অঞ্চলটোৰ টেকজুৰিত আছিল পিছে প্ৰলংকৰী জীয়াঢলৰ বানত ঘৰ ভেটি জাহ যোৱাৰ ফলত ২০১১ বৰ্ষত এই বন গাঁ ৱত স্থাপন কৰে । সৌভাগ্যৰ বিষয় এইয়ে যে আওহতীয়া অঞ্চলটোৰ একমাত্র বিদ্যালয়খনত ছাত্ৰ ছাত্রীয়ে নধৰা হৈছে শ্ৰেণী কোঠা ।এইক্ষেত্ৰত প্ৰধান শিক্ষক গৰাকীৰে কৌশল অৱলম্বন কৰি সালসলনি প্ৰক্ৰিয়াৰে গছৰ তলত আৰু একাংশক ভিতৰত শিক্ষাদান কৰি আহিছে । অৱশ্যে এইক্ষেত্ৰত প্ৰধান শিক্ষক পংকজ কলিতাৰ শ্ৰম ,, ত্যাগ বিদ্যালয়খনৰ প্ৰতি থকা ভাল পোৱা আন্তৰিকতা তানে দিছে সুকীয়া মাত্ৰা । প্ৰধান শিক্ষক কলিতাই জানিব দিয়া মতে 5 টা শ্ৰেণীত আছে ডেৰশৰো অধিক ছাত্ৰ ছাত্ৰী । অৰ্থাৎ ১৫৬ জন ছাত্র ছাত্ৰী ।বিপৰীতে আছে প্ৰধান শিক্ষকৰ সৈতে আন এজন সহ শিক্ষক । উল্লেখ্য যে স্থানীয় ৰাইজৰ সহযোগত প্ৰধান শিক্ষক গৰাকীয়ে শৈক্ষিক পৰিৱেশ গঢ় দিয়ায প্ৰয়াস কৰা পৰিলক্ষিত হৈছে । বিদ্যালয়ৰ শ্ৰেণী কোঠালৈ সোমাই আহে জৰাজীৰ্ণ বাহঁৰ বেৰৰ জলঙাইদি পোহৰ । নাই চৰকাৰী বিশেষ আচবাব ।আছে বাহেৰে তৈয়াৰী আলমাৰী । বিদ্যালয়খনৰ আন্তগাথনি আৰু শিক্ষকৰ অভাৱৰ বাবে দেখা দিয়া অসুবিধাৰ সন্দৰ্ভত বাৰম্বাৰ জিলাৰ সংশ্লিষ্ট শিক্ষা বিভাগক অৱগত কৰি অহাৰ সত্বেও আজিকোপতি কোনো ব্যৱস্থা কৰা নাই বুলি মন্তব্য কৰিছে প্ৰধান শিক্ষক গৰাকীয়ে ।

byte..... teacher

Conclusion:হয় , মন কৰিবলগীয়া যে যি সময়ত ছাত্র ছাত্ৰীৰ অভাৱত এখনৰ পিছত আনখন ৰংচঙীয়া চৰকাৰী বিদ্যালয়ৰ অপমৃত্যু ঘটিছে , একাংশ ধুৰন্ধৰ শিক্ষকে আওহতীয়া অঞ্চলৰ বিদ্যালয়ত গৈ শিক্ষাদান কৰাত অৱহেলা কৰি আহিছে তেনে সময়ত প্ৰধান শিক্ষক গৰাকীৰ প্ৰয়াসত গঢ় লৈ উঠা এনে আৰ্কষণীয় শৈক্ষিক পৰিৱেশ নি:সন্দেহে প্ৰশংসনীয় ।আৰু ইতিবাচক বাৰ্তা ।

pradunya Bharali , Dhemaji, Assam, 29/11/2019
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.