ধেমাজি,5 আগষ্ট : সোমবাৰে ধেমাজি ৰেলৱে ষ্টেচনৰ সমীপত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা ৷ ডেকাৰগাঁও-মুকংচেলেক যাত্ৰীবাহী ৰেলে মহতিয়াই নিয়ে ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ স্নাতক প্ৰথম ষাণ্মাষিকৰ এগৰাকী ছাত্ৰীক ৷ ফলত থিতাতে নিহত হয় ছাত্ৰীগৰাকী ৷ ছাত্ৰীগৰাকী পল্লবী শইকীয়া বুলি জানিব পৰা গৈছে ৷ ঘটনা সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷
কলেজৰ ছাত্ৰ একতা সভাৰ সম্পাদকগৰাকীয়ে জনোৱা তথ্য অনুসৰি, ঘটনাৰ প্ৰাক্মূহুতত ৰেলপথৰ কাষেৰে ফোনত কথা পাতি অকলে আহি থকা দূৰৰ পৰা প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে ৷ ইফালে, ছাত্ৰীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই, এইয়া দুৰ্ঘটনা নে আত্নহত্যা ৷