ETV Bharat / state

ধেমাজিৰ বিস্ফোৰণত নিহত মনজিৎ গগৈক কিদৰে মনত ৰাখিছে ৰাইজে ?

author img

By

Published : Aug 16, 2021, 10:48 PM IST

ধেমাজিত ২০০৪ ৰ স্বাধীনতা দিৱসৰ দিনটোত বোমা বিস্ফোৰণত নিহত হৈছিল ধেমাজি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ মেধাৱী ছাত্ৰ মনজিৎ গগৈ ৷ তেখেতৰ স্মৃতিত পৰিয়াল তথা অঞ্চলবাসীয়ে আয়োজন কৰি আহিছে এক বিশেষ অনুষ্ঠান ৷

as_dmj_02_dhemaji_sahitya_sobha_souk_divash_ivis+byte_as10021
ধেমাজিৰ বিস্ফোৰণত হেৰাই যোৱা মনজিত গগৈক কেনেদৰে মনত ৰাখিছে ৰাইজে?

ধেমাজি, 16 আগষ্ট : ধেমাজিত ২০০৪ ৰ স্বাধীনতা দিৱসত বোমা বিস্ফোৰণত নিহত মনজিৎ গগৈ সোঁৱৰণী গল্প প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন ৷ ধেমাজি সাহিত্য সভাৰ উদ্যোগত আয়োজন কৰা ১৬ সংখ্যক সদৌ অসম মনজিৎ গগৈ সোঁৱৰণী চুটিগল্প প্ৰতিযোগিতাৰ মুকলি সভা আৰু বঁটা বিতৰণী সভাখন সোমবাৰে ধেমাজি সাহিত্য সভা ভৱনত অনুষ্ঠিত হয় ৷

ধেমাজি সাহিত্য সভাৰ সম্পাদক দীপেন ভিতৰুৱাল কোঁৱৰে আদৰণি ভাষণ আগবঢ়োৱাৰ পূৰ্বে মনজিৎ গগৈৰ প্ৰতিচ্ছবিত প্ৰথমে বন্তি প্ৰজ্বলন কৰে ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তোলন কোঁৱৰে ৷ ইয়াৰ পিছতেই, ধেমাজি সাহিত্য সভাৰ সভাপতি লক্ষী বৰগোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত সভাখনিত বিশিষ্ট অতিথি হিচাপে ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি বিনীতা গাৰোডিয়াই ২০০৪ চনৰ ধেমাজি কাণ্ডৰ সোঁৱৰণ কৰে ৷

ধেমাজিৰ বিস্ফোৰণত নিহত মনজিৎ গগৈক কিদৰে মনত ৰাখিছে ৰাইজে ?

2004ৰ উগ্ৰপন্থী আক্ৰমণত মনজিৎ গগৈৰ দৰে এজন প্ৰতিভাশালী ছাত্ৰ মৃত্যু হ'ল বুলি আক্ষেপ প্ৰকাশ কৰে বিনীতা গাৰোডিয়াই ৷

সভাত উপস্থিত কেইবাগৰাকী অতিথিয়ে ২০০৪ চনৰ সেই বোমা বিস্ফোৰণৰ ঘটনাক একেমুখে গৰিহণা দিয়ে ৷ ছাত্ৰজনে অধ্যয়ন কৰা বিদ্যালয়খনৰ বৰ্তমান অৱসৰপ্ৰাপ্ত শিক্ষক তিলেন গগৈ আৰু শিক্ষাবিদ কৰৱী দেউৰীয়ে প্ৰয়াত ছাত্ৰজনৰ জীৱনৰ সম্পৰ্কে আলোকপাত কৰে ৷

উল্লেখ্য যে, ২০০৪ চনৰ ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত চৰকাৰী স্বাধীনতা দিৱসত অংশ ল'বলৈ গৈ বোমা বিস্ফোৰণত অকালতে প্ৰাণ হেৰুৱাইছিল ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ মেধাৱী ছাত্ৰ মনজিৎ গগৈয়ে ৷ এই ছাত্ৰজনৰ সোঁৱৰণত পৰিয়ালে প্ৰদান কৰা এক ন্যাস পুঁজিৰে ২০০৫ চনৰ পৰা প্ৰতি বছৰে ধেমাজি সাহিত্য সভাই ধেমাজিত অনুষ্ঠিত কৰি আহিছে সদৌ অসম ভিত্তিত চুটিগল্প প্ৰতিযোগিতা ৷

চলিত বছৰৰ ১৬ সংখ্যক প্ৰতিযোগিতাখনিত অংশ লৈ ডিব্ৰুগড়ৰ চল্টব্ৰুক একাডেমীৰ ছাত্ৰ ইমানদাৰ শইকীয়াই প্ৰথম স্থান আৰু নগাঁৱৰ কলিয়াবৰ শিশু বিদ্যাপীঠৰ ছাত্ৰী নিমিষা বৰাই দ্বিতীয় স্থান অধিকাৰ কৰে ৷ শ্ৰেষ্ঠ প্ৰতিযোগী দুগৰাকীক নগদ ধন আৰু একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ৷ কভিড নীাতি সমূহ মানি আয়োজন কৰা এই অনুষ্ঠানত স্থানীয় কেইবাগৰাকী ছাত্ৰ সংগঠনৰ নেতা, শিক্ষাবিদ তথা গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে ৷

লগতে পঢ়ক : যোৰহাট কৃষি মহাবিদ্যালয়ৰ 74 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.