ETV Bharat / state

জোনাইত বিধ্বংসী ধুমুহাৰ তাণ্ডৱ

বৃহস্পতিবাৰে জোনাইত বিধ্বংসী ধুমুহাৰ তাণ্ডৱ ৷ শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি চুৰমাৰ হোৱাৰ লগতে ভঁৰাল, বিদ্যালয়ৰ লগতে বৈদ্যুতিক খুঁটা ভাঙি যায় ৷ ধুমুহাত আঘাতপ্ৰাপ্ত হয় শতাধিক লোক ৷

storm-at-jonai
জোনাইত বিধ্বংসী ধুমুহা
author img

By

Published : Mar 25, 2021, 10:39 PM IST

জোনাই,25 মাৰ্চ : ধেমাজি জিলাৰ জোনাইত বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হোৱা ধুমুহাই তচনচ কৰে শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ, ভঁৰাল, বিদ্যালয়ৰ লগতে বৈদ্যুতিক খুঁটা ৷ ধুমুহাত ঘৰ ভাঙি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় শতাধিক লোক ৷

জানিব পৰা মতে, জোনাই মহকুমাৰ অন্তৰ্গত জোনাই ৰাজহ চক্ৰৰ ৰামধন দিখাৰী, তেলাম, মিছামৰাৰ অৰ্ধ শতাধিক গাঁৱত বিধ্বংসী ধুমুহাই তচনচ কৰিলে শ শ পৰিয়ালৰ ঘৰ, ভঁৰাল ৷ ধুমুহাৰ কবলত পৰি আহত হয় ৰঞ্জিত বড়ো নামৰ লোকজন ৷ লগতে বিস্তৰ ক্ষতিগ্ৰস্ত হয় সা-সম্পত্তি আৰু বিদ্যুৎ সেৱাও ব্যাহত হয় ৷

জোনাইত বিধ্বংসী ধুমুহা

অঞ্চল সমূহৰ কেইবাটাও স্থানত বৈদ্যুতিক তাঁৰ ছিঙি যোৱাৰ লগতে খুঁটাও উভালি পৰে । ধুমুহাত বিধ্বস্ত হৈ পৰা বহু পৰিয়ালৰ সা-সামগ্ৰী, কিতাপ পত্ৰ নষ্ট হৈ যায় । বিধ্বস্ত হৈ পৰা অঞ্চলৰ ৰাজহুৱা অনুষ্ঠান আদিও তচনচ হৈ পৰে । প্ৰায় 20 খনৰো অধিক গাঁৱৰ প্ৰায় 200 ৰো অধিক পৰিয়ালৰ ঘৰ সম্পূর্ণৰূপে বিধ্বস্ত হোৱাৰ লগতে ঘৰবোৰত গছ বাগৰি একাধিক লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে ৷

ইফালে মানুহৰ ঘৰৰ লগতে মূল্যৱান গছ-গছনি, বিদ্যালয়, ভঁৰালৰ লগতে ঠায়ে ঠায়ে বিদ্যুৎ খুঁটা, লাইন তচনচ কৰাত অঞ্চলটোত বহুদিনলৈ বিদ্যুতৰ যোগান ব্যাহত হৈ থকাৰ সম্ভাৱনাই দেখা দিছে । ক্ষতিগ্ৰস্ত পৰিয়ালৰ ক্ষয়-ক্ষতিৰ বুজ লৈ ইউবিপিঅ’, এবছুৰ নেতৃত্বই চৰকাৰ প্ৰশাসনক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক : নলবাৰীত মহিলা নিৰ্বাচনী বিষয়াক প্ৰশিক্ষণ প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.