ETV Bharat / state

বানৰ পাচত এইবাৰ খহনীয়াই জুৰুলা কৰিছে ৰাজ্যবাসীক

author img

By

Published : Aug 26, 2019, 6:45 PM IST

সংহাৰী বানৰ পাছত এইবাৰ খহনীয়াই কাল ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বিভিন্ন অঞ্চলত ৷ শিৱসাগৰ, মাৰ্ঘেৰিটা, ধেমাজীকে আদি কৰি খহনীয়াৰ তাণ্ডৱৰ ফলত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ ৷

বানৰ পাচত এইবাৰ খহনীয়াই জুৰুলা কৰিছে ৰাজ্যবাসীক

নিউজ ডেস্ক, 26 আগষ্টঃ খহনীয়াৰ তাণ্ডৱে বহুকেইটা অঞ্চললৈ ভাবুকি কঢ়িয়াই অনাৰ লগতে ভীতিগ্ৰস্ত হৈ পৰিছে নৈ পৰীয়া ৰাইজ৷ প্ৰৱল খহনীয়াৰ কৱলত শিৱসাগৰৰ দিচাংমুখ অঞ্চল । খহনীয়াৰ পৰা নিজৰ সম্পদ ৰক্ষাৰ বাবে বিভিন্ন পন্থা হাতত লৈছে চৰাঞ্চলৰ লোকসকলে ।

Intro:মাৰ্ঘেৰিটাত বছৰ বছৰ ধৰি গৰাখহনীৰ কৱলত পৰা কেইবাখনো গাঁৱৰ এক ভয়াৱহ দৃশ্য পৰিদৰ্শন কৰিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মুগং পথাৰ শাখা সমিতিৰ প্ৰায় ২০ জনীয়া এটা সজাতী দলে।

বাৰিষা কাল আহিলে বুৰিদিহিং নৈৰ পানী বাঢ়ি ব্যাপক গৰাখহনীয়াৰ কৱলত পৰা কেইবাখনো গাঁও পৰিদৰ্শন কৰি স্থানীয় ভুক্তভোগী ৰাইজৰ সৈতে মত বিনিময় কৰিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মুগং পথাৰ শাখা সমিতিৰ প্ৰায় ২০ জনীয়া এটা সজাতী দলে। বছৰ বছৰ ধৰি বুৰিদিহিং নৈৰ পানীয়ে ভয়ানক ৰূপ ধাৰণ কৰি সেই গাঁও সমূহত গৰাখহনীয়াৰ সৃষ্টি কৰে। যাৰ ফলত টেকেৰী নামচাই, মুগং পথাৰ, ইনথেম নগাপথাৰ আদি গাৱৰ বুঢ়ীদিহিং নৈৰ ভয়াবহ ৰূপত ৰাইজে ঘৰ বাৰী এৰি পলায়ন কৰি বেলেগ ঠাইত আশ্ৰয় ল'ব লগা হয়।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া
জিলা প্ৰচাৰ সম্পাদক দেৱজিৎ সোণাৰ আৰু শাখা সভাপতি-সম্পাদক ক্ৰমে শান্তিৰাম সোণাৰ আৰু টংক ফুকনৰ নেতৃত্বত টেকেৰী নামচাই, মুগং পথাৰ, ইনথেম নগাপথাৰ আদি গাৱৰ বুঢ়ীদিহিং নৈৰ ভয়াবহ গৰাখহনীয়া পৰিদৰ্শন কৰি গৰাখহনীয়াৰ ফলত ক্ষতিগ্রস্ত নৈপৰীয়া ৰাইজৰ সৈতে মত বিনিময় কৰাত কোনো দিনে যে চৰকাৰে সেই অঞ্চলৰ ৰাইজৰ দুখ দুদৰ্খাৰ খবৰ ল'বলৈ এই গাঁও সমূহত উপস্থিত নোহোৱাৰ বিষয়ে ক্ষোভ উজাৰে।বছৰে বছৰে শ ‌শ বিঘা কৃষকৰ ভুমি বুঢ়ীদিহিং নৈ বাঢ়নী পানী ফলত হোৱা গৰাখহনীয়াই নৈৰ বুকুলৈ নি কৃষকক দিশহাৰা কৰি পেলাইছে।এ জে ৱাই চি পি , স্থানীয় ভুক্তভোগী কৃষক আৰু নৈ কাষৰীয়া গাওঁবাসীয়ে বাৰম্বাৰ আবেদন নিবেদন কৰিছে স্থানীয় বিধায়ক আৰু সাংসদক। অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তক বুঢ়ীদিহিংৰ গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ দাবী জনোৱা লগতে বিজ্ঞান সন্মত ভাৱে গৰাখহনীয়া সমস্যা দূৰ কৰিবলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে।Body:Byte-1
Byte-2Conclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.