ধেমাজি, ১৪ মে': বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰৰ ক্ষেত্ৰত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা ধেমাজিৰ সমষ্টিৰ দুটাকৈ ভোটগ্ৰহণ কেন্দ্ৰত কৰ্তব্য পালন কৰা দুগৰাকী বুথ পৰ্যায়ৰ বিষয়াক সম্বৰ্ধনা জনালে ধেমাজি জিলা ব্যৱসায়ী সন্থাই । ক'ভিড বিধি মানি চলি বৃহস্পতিবাৰে ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্টুপীয়াকৈ এখন সভা অনুষ্ঠিত কৰা হয় ।

জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এই সভাতে ধেমাজি বিধানসভা সমষ্টিৰ ভিতৰত ভোটদানৰ হাৰৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা ১৮ নং ভোটগ্ৰহণ কেন্দ্ৰত কৰ্তব্য পালন কৰা নমিতা পেগু আৰু ১৯৪ নং ভোটগ্ৰহণ কেন্দ্ৰত নিয়োজিত নাভামণি হাজৰিকাক সম্বৰ্ধনা জনোৱা হয় । জিলা উন্নয়ন আয়ুক্ত দীপাংকৰ দাসে প্ৰমাণ পত্ৰ, শৰাই ,গামোছা আৰু নগদ ধনেৰে সন্মানিত কৰে নমিতা পেগুক ।

আনহাতে, ধেমাজি নগৰ অঞ্চলত ভোটদানৰ হাৰ অধিক হোৱা ১৯৪ নং ভোটগ্ৰহণ কেন্দ্ৰৰ বুথ পৰ্যায়ৰ বিষয়া নাভামণি হাজৰিকাক ধেমাজি জিলা ব্যৱসায়ী সন্থাই সম্বৰ্ধনা ৷ ইফালে, জিলা প্ৰশাসনে ঘোষণা কৰা অনুসৰি, এগৰাকী যুৱ ভোটাৰক এদিনৰ বাবে ধেমাজি জিলাৰ সহকাৰী আয়ুক্ত পদবীৰে সন্মানিত কৰে ৷ উল্লেখ্য যে, বিধানসভা নিৰ্বাচনত ১১৩ নং ধেমাজি বিধানসভাৰ সমষ্টিত SVEEPৰ উদ্যোগত যুৱ ভোটাৰসকলক ভোটদানৰ প্ৰতি সজাগতা কৰিবৰ বাবে ছ'চিয়েল মিডিয়াযোগে এক সজাগতা অভিযান চলোৱা হৈছিল ৷

সেই অনুসৰি ১৮-৩০ বছৰ বয়সৰ ভোটাৰসকলক আহ্বান জনোৱা হৈছিল যে, ভোটদান কৰাৰ পিছত তেওঁলোকে ছেলফি লৈ deputy commissioner page টেগ কৰিলে তেওঁলোকৰ মাজৰে এজনক লটাৰীৰ জৰিয়তে বাছনি কৰি এদিনৰ বাবে উক্ত সন্মান প্ৰশাসনে প্ৰদান কৰিব ৷ এই অভিযানত অংশগ্ৰহণ কৰা ৬৮ গৰাকী ভোটাৰৰ মাজৰ পৰা লটাৰীৰ জৰিয়তে মধুমিতা পলক বাছনি কৰা হয় আৰু বৃহস্পতিবাৰে অবৈতনিকভাৱে এদিনৰ বাবে সহকাৰী আয়ুক্ত পদবীৰে সন্মানিত কৰে ৷ জিলা উন্নয়ন আয়ুক্ত দীপাংকৰ দাসে যুৱ ভোটাৰগৰাকীক প্ৰমাণপত্ৰৰে সন্মান জনাই উৎসাহিত কৰে ।