শিৱসাগৰ,5 ফেব্ৰুৱাৰী: শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত বুধবাৰে খিলঞ্জীয়াৰ শাণিত গৰ্জন অনুষ্ঠান ৷ সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠন আৰু শিল্পী সমাজৰ এই নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত শাণিত গৰ্জনত জনতাৰ হিলদ'ল ভাঙি অংশগ্ৰহণ ৷ সমস্বৰে চিঞৰিলে — কা আমি নামানো ৷ জিলাখনৰ ভিন্ন প্ৰান্তৰৰ পৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ওলাই আহিল দহ সহস্ৰাধিক জনসাধাৰণ ৷ শাণিত গৰ্জনত অংশগ্ৰহণ কৰে আছুৰ সভাপতি দীপাংক নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, শিল্পী বিপিন চাউদাং আৰু মানস ৰবীনকে ধৰি একাধিক নেতা আৰু শিল্পীয়ে ।
শাণিত গৰ্জনত অংশ লৈ আছুৰ সভাপতি দীপাংক নাথে বিজেপিৰ চৰকাৰ মিছলীয়াৰ চৰকাৰ বুলি মন্তব্য কৰাৰ লগতে বিজেপিয়ে অসমীয়াক বিশ্বাসঘাটকতা কৰিলে, ওলোটা খৰ মাৰিলে বুলি কয় ৷ নাগৰিকত্ব সংশোধনী আইনখনত অনেক সুৰুঙা আছে বুলি কৈ বিদেশীয়ে এই সুৰুঙাৰে সহজেই নাগৰিকত্ব লাভ কৰিব বুলি ক্ষোভ প্ৰকাশ কৰি দীপাংক নাথে 'কা'ৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায় ৷ ইফালে অগপ দলকো ক্ষুৰধাৰ সমালোচনা কৰি অসম গণ পৰিষদ এতিয়া দিল্লীৰ পদলেহনকাৰী দল বুলি মন্তব্য দিয়ে আছুৰ সভাপতিগৰাকীয়ে । ইফালে যোৱা বিধানসভা নিৰ্বাচনত অগপ তথা বিজেপিক প্ৰশ্ৰয় নিদিয়া বাবে শিৱসাগৰবাসীক ধন্যবাদ জনাই দীপাংক নাথে ৷
ইফালে অনুষ্ঠানত বিপ্লৱী গীত গায় 'কা'ৰ বিৰোধিতা কৰে শিল্পী বিপিন চাউদাং আৰু মানস ৰবীনে ৷
আনহাতে শাণিত গৰ্জনত স্বভাৱসুলভ উদাত্ত কন্ঠৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমনাত্মক স্থিতি গ্ৰহণ কৰে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৷ এতিয়া বদনক চিনাক্ত কৰাৰ সময় বুলি কৈ লুৰিণে এইখন চৰকাৰ মিথ্যাচাৰীৰ চৰকাৰ বুলি মন্তব্য কৰে ৷ ৫৬ ইঞ্চিৰ বুকুৰ বুলি কোৱা নৰেন্দ্ৰ মোদীয়ে কেৱল ধৰ্মীয় মেৰুকৰণ কৰি, হিন্দু-মুছলমানৰ খাদ্যক লৈ যাতে ৰাইজ ব্যস্ত থাকি উন্নয়নৰ সম্পৰ্কত প্ৰশ্ন কৰিব নোৱাৰে তাক লৈ এই লেতেৰা ৰাজনীতি কৰিছে বুলিও মোদীক আক্ৰমণ কৰে সম্পাদকগৰাকীয়ে ৷
লগতে পঢ়ক:টীয়কত নিশা ভয়ংকৰ বাছ দুৰ্ঘটনাঃ 8 যাত্ৰীৰ অৱস্থা গুৰুতৰ
একেদৰে, ধেমাজি জিলাতো মংগলবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতি , কৃষক মুক্তি সংগ্ৰাম সমিতি ধেমাজি জিলা সমিতি , সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতি আৰু ধেমাজি ৰাইজৰ সহযোগত ধেমাজি কাছাৰী ময়দানত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবী আৰু কাৰাবন্দীসকলক বিনা চৰ্তে মুক্তিৰ দাবীত ধেমাজিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । বিক্ষোভ কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে । লগতে তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি নিতুল বুঢ়াগোহাঁই , ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ নেতা দেৱব্ৰত শইকীয়া আৰু বিশিষ্ট বুদ্ধিজীৱী অজিত কুমাৰ ভুঞাই অংশগ্ৰহণ কৰি শাসনাধীষ্ঠ চৰকাৰৰ বিৰুদ্ধে সোঁচ্চাৰ হৈ পৰে ।
অজিত কুমাৰ ভূঞাই কয় যে, কাকতৰ সম্পাদক এজনক পাচবাৰকৈ জেলত নিক্ষেপ কৰিছিলে ৯১ চনৰ পৰা । দিনৰ পোহৰত সোণোৱালৰ পুলিচে গ্ৰেপ্তাৰ কৰিবলৈ নাহে । নিশা ১২ বজাৰ পিছতহে আহে । সেয়ে ঘৰত সাজু কৰি থৈছে এটা বাকচত ঔষধ আৰু কাপোৰ । আজি জাতিৰ কাৰণে পুলিচৰ নিৰ্যাতনৰ মুখামুখি হৈ মোক গ্ৰেপ্তাৰ কৰি আক এবাৰ ভৰাই থয় তেতিয়া মই শান্তি পাম । জাতিৰ কাৰণে কিবা এটা কৰাৰ কাৰণে ডাঙৰ স্বীকৃতি । শত্ৰুৱে মোক স্বীকৃতি দিছে ।"
লগতে পঢ়ক:গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২৮ সংখ্যক সমাৱৰ্তনৰ ব্যাপক প্ৰস্তুতি