ধেমাজি, 8 মে' : ধেমাজি সদৰ থানাৰ সমীপৱৰ্তী কোৱাফলা মিচিং গাঁৱত সংঘটিত হৈছে এটা লোমহৰ্ষক হত্যাকাণ্ড ৷ ঘটনাৰ বিৱৰণ অনুসৰি, শুকুৰবাৰে নিশা নিজ ককায়েক দেৱ নৰহ আৰু বৌৱেক (দেৱ নৰহৰ পত্নী) জ্ঞানী নৰহ গৈছিল সমীপতে থকা দেৱেন নৰহৰ ঘৰলৈ ৷ দেৱেন নৰহৰ বাসগৃহত কথা পাতি থকাৰ সময়তে হঠাতে কাজিয়াৰ সূত্ৰপাত হয় দুই ভাতৃৰ মাজত ৷ কাজিয়াৰ মাজতে ককায়েক দেৱ নৰহে এডাল মাৰিৰে ভায়েক দেৱেন নৰহৰ মূৰত প্ৰহাৰ কৰে আৰু মূহুৰ্ততে ঢলি পৰে দেৱেন নৰহ ৷ সেই সময়তে বৌৱেক জ্ঞানী নৰহে অজ্ঞান হৈ পৰা দেৱেন নৰহৰ পেটত চুৰি ভৰাই দিয়ে ৷ যাৰ ফলত থিতাতে নিহত হয় দেৱেন নৰহ ৷
ইপিনে, এই ঘটনা সংঘটিত হোৱাৰ পাচতে গাঁওবাসীয়ে ঘটনাস্থলীত উপস্থিত হয় ৷ কিন্তু গাঁওবাসী উপস্থিত হোৱাৰ পূৰ্বে ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুই অভিযুক্তই ৷ এই ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে গাঁওবাসীয়ে ৷ এই এজাহাৰৰ ভিত্তিতে ধেমাজি সদৰ আৰক্ষী থানাৰ একবৃহৎ দলে শুকুৰবাৰে নিশাই ঘটনাস্থলীত উপস্থিত হয় আৰু আটক কৰে দেৱ নৰহক ৷ আনহাতে শনিবাৰে দেৱ নৰহৰ পত্নী তথা অন্যতম অভিযুক্ত জ্ঞানী নৰহকো আৰক্ষীয়ে আটক কৰে ৷ আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷
অন্য এক খবৰৰ বাবে: আমিনগাঁৱত সেনা জোৱানৰ আত্মহত্যা