জোনাই,২৯ অক্টোবৰঃ আগন্তুক ১৮ নৱেম্বৰ পৰা ২১ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব লগা সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিবেশনত মিচিং সমাজৰ গোমৰাগ নৃত্য প্ৰদৰ্শন কৰিবলৈ যোৱা দহ দিনৰ পৰা অনুশীলন অব্যাহত ৰাখিছে শতাধিক মিচিং যুৱতীয়ে ৷
জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু পবা চিলোং (Siilung) গুমৰাগ কৃষ্টি দলৰ নৃত্য শিল্পী সকলে জোনাইৰ উচ্চতৰ মাধ্যমিক খেলপথাৰত চলাই আছে অনুশীলন ৷ মিচিং সমাজৰ জনপ্ৰিয় গোমৰাগ নৃত্য দাঙি ধৰিবলৈ সাজু মিচিং নাচনী ৷ আগন্তুক' সদৌ অসম ছাত্র সন্থা' ৰ সপ্তদশ কেন্দ্ৰীয় দুলীয়াজান অধিবেশনৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা বিভিন্ন কাৰ্যসূচীৰ সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ বাবে জোনাইৰ পবা চিলোং (Siilung) গুমৰাগ কৃষ্টি দলৰ শতাধিক নৃত্য শিল্পীয়ে সাজু হোৱা দেখিবলৈ পোৱা গৈছে ৷
লগতে পঢ়কঃ লাহোৱালত চাহ শ্ৰমিকৰ প্ৰতিবাদ