জোনাই, ৪ জুলাই: জোনাইত ডেপি নদীৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে ৷ খৰস্ৰোতা ডেপি নদীৰ খহনীয়াই ইতিমধ্যে কেইবাখনো গাঁৱৰ ৰাইজৰ টোপনি কাঢ়িছে(Erosion in Depi river) ৷ জোনাই চিগা আৰু ৰাজাখনা পঞ্চায়তৰ অন্তৰ্গত ১নং মিলনপুৰ, ২নং মিলনপুৰ, চিংগাপুৰ, চিগা আদি কৰি কেইবাখনো গাঁৱৰ বাবে ভাবুকি কঢ়িয়াই আনিছে এই ডেপি নদীৰ খহনীয়াই(Flood affected area of Jonai) ৷
কাষৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পাহাৰ পৰা নামি অহা এই ডেপি নদীৰ খহনীয়াত বৰ্তমানলৈ বহু পৰিয়ালৰ ঘৰ-বাৰী, অনুষ্ঠান-প্ৰতিষ্ঠান, কৃষিভূমি আজি নদীৰ বুকুত জাহ গৈছে(Erosion at Jonai) ৷ যাৰবাবে গাঁৱৰ ৰাইজে এক নতুন স্থানত গাঁও পাতি বসবাস আৰম্ভ কৰিছিল ৷ কিন্ত এই ডেপি নদীয়ে নিজৰ গতিপথ সলনি কৰি পুনৰ নতুনকৈ আৰম্ভ কৰা গাঁওখনলৈ বৈ আহি খহনীয়া আৰম্ভ কৰাত ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে (Several villages in Jonai on verge of being washed away by Depi river) ৷
যোৱা বাৰিষাৰ সময়ৰ পৰাই ডেপি নদীৰ খহনীয়াই তীব্ৰ ৰূপ লৈ পথ খহাই পেলাইছে ৷ ডেপি নদীৰ খহনীয়াত নিজৰ কৃষিভূমি হেৰুৱাৰ পাছত এতিয়া নিজৰ ঘৰলৈ ভাবুকি অহাত গাঁওবাসী চিন্তিত হৈ পৰিছে ৷ তথাপিও কিন্তু জনপ্ৰতিনিধি নাইবা প্ৰশাসনে ইয়াক ৰোধ কৰাৰ বাবে ব্যৱস্থা নোলোৱাৰ অভিযোগ ৰাইজৰ ৷ গাঁৱৰ ৰাইজে অতি সোনকালে খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷
লগতে পঢ়ক : Erosion in Bongaigaon: তিনি শতাধিক পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত বিলীন