জোনাই,২৪ ফেব্ৰুৱাৰী: বুধবাৰে ধেমাজিৰ জোনাইত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা ৷ পিতৃৰ শ্ৰাদ্ধৰ দিনাই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে পুত্ৰই ৷ জোনাইৰ বাহিৰ জোনাই তিনিমাইললৈ যোৱা পথত সংঘটিত হোৱা পথ দুৰ্ঘটনাটোত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন দুজন লোক গুৰুতৰ ভাৱে আহত হয় ৷ থিতাতে নিহত হোৱা লোকজন 58 বছৰীয়া ৰাম চন্দ্ৰ বৰি বুলি চিনাক্ত হোৱাৰ লগতে নিৰঞ্জন পেগু আৰু বীনাকান্ত বৰি নামৰ আন দুজন লোক আহত হয় ৷ সম্প্ৰতি দুয়োজনকে উন্নত চিকিৎসাৰ কাৰণে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে ৷

ঘটনা অনুসৰি জোনাই আগাম দলুং গাঁৱৰ নিহত ৰাম চন্দ্ৰ বৰিয়ে পিতৃৰ শ্ৰাদ্ধৰ নিয়ম আনুসৰি তিনিমাইল ঘাটত পুৱাই গা ধুই ঘূৰি অহাৰ পথত বাহিৰ জোনাইৰ এখন দলঙৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে বলেৰ' বাহনখন ৷ যাৰ ফলতে সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো ৷ মৃত লোকজনক মৰনোত্তৰ পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক: ধিঙত উদ্ধাৰ উৱলি যোৱা অচিনাক্ত মৃতদেহ