ETV Bharat / state

বাতৰি সংগ্ৰহ কৰিবলৈ গৈ প্ৰহৃত হ'ল সাংবাদিক

author img

By

Published : May 2, 2020, 11:35 AM IST

Updated : May 2, 2020, 2:23 PM IST

ধেমাজি জিলাৰ গোগামুখত সাংবাদিকক আক্ৰমণ কৰা ঘটনা পোহৰলৈ আহিছে ৷ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত একাংশ লোকে আক্ৰমণ কৰে সংবাদকৰ্মী দুগৰাকীক ৷ ইতিমধ্যে সংবাদকৰ্মী দুগৰাকীয়ে আৰক্ষী থানাত দলটোৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ ৷

Reporter attack in demaji
বাতৰি সংগ্ৰহ কৰিবলৈ গৈ প্ৰহৃত হ'ল সাংবাদিক

ধেমাজি, 2 মে' : লক-ডাউন অব্যাহত থকাৰ মাজতে ধেমাজি জিলাৰ গোগামুখত একাংশ লক-ডাউন ভংগকাৰী লোকে সাংবাদিকক আক্ৰমণ কৰা ঘটনা পোহৰলৈ আহিছে ৷ জানিব পৰা মতে দুটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ সংবাদকৰ্মী ক্ৰমে হেমচন্দ্ৰ বৰদেউৰী আৰু দিব্যজ্যোতি বুঢ়াগোহাঁইয়ে শুকুৰবাৰে ভূমি বিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা ৷

গেৰুকামুখ আৰক্ষী থানাৰ অন্তগৰ্ত ২ নং চেঙেলী খুটি ৰ শান্তিপুৰ আৰু বিষ্ণুপুৰ গাঁৱত ফুটেজ সংগ্ৰহ কৰি থকাৰ সময়তে একাংশ লোকে আক্ৰমণ কৰে সংবাদকৰ্মী দুগৰাকীক ৷ আনকি সংবাদকৰ্মী বুলি নিজৰ পৰিচয় দাঙি ধৰাৰ পিছতো ক্ষান্ত হোৱা নাছিল আক্ৰমণকাৰী দলটো ৷ পৰবৰ্তী সময়ত আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হয় সংবাদকৰ্মী দুগৰাকীক ৷

ইতিমধ্যে সংবাদকৰ্মী দুগৰাকীয়ে গোগামুখ আৰক্ষী থানাত আক্ৰমণকাৰী দলটোৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ ৷ লক-ডাউন উলংঘা কৰি সংবাদকৰ্মীক আক্ৰমণ কৰিবলৈ কুণ্ঠাবোধ নকৰা লোক সকলৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদান কৰিবলৈ জিলা সংবাদকৰ্মীৰ লগতে বিভিন্ন দল-সংগঠনে দাবী তুলিছে ৷

আনহাতে এই সমগ্ৰ ঘটনাৰ পিছত ৰাইজৰ সেৱাৰ বাবে অহৰহ বাতৰি সংগ্ৰহত নিয়োজিত হৈ থকা সংবাদকৰ্মীক আক্ৰমণ কৰা ঘটনাই সাংবাদিকৰ সুৰক্ষাৰ ওপৰতো প্ৰশ্নৰ সৃষ্টি কৰিছে সচেতন মহলৰ মাজত ৷

বাতৰি সংগ্ৰহ কৰিবলৈ গৈ প্ৰহৃত হল সাংবাদিক

Last Updated : May 2, 2020, 2:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.