ETV Bharat / state

নিজ আত্মীয়ৰ কামনাৰ বলি এগৰাকী 14 বছৰীয়া কিশোৰী - rape

ৰাজ্যত আকৌ সংঘটিত হ’ল নাবালিকা ধৰ্ষণ কাণ্ড ৷ নিজ আত্মীয়ৰ কামনাৰ বলি হ’ব লগা হ’ল ধেমাজিৰ এগৰাকী 14 বছৰীয়া কিশোৰী ৷ এই ঘটনাক কেন্দ্ৰ কৰে ধেমাজিত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

rape case at dhemaji
নিজ আত্মীয়ৰে কামনাৰ বলি এগৰাকী 14 বছৰীয়া কিশোৰী
author img

By

Published : Jul 28, 2021, 12:57 PM IST

ধেমাজি, 28 জুলাই : আকৌ নাবালিকা ধৰ্ষণ কাণ্ডই লজ্জানত কৰিলে ৰাজ্যবাসীক ৷ এইবাৰ ধেমাজিত সংঘটিত হ’ল যৌন নিৰ্যাতনৰ ঘটনা ৷ নিজ আত্মীয়ৰ কমনাৰ বলি হ’ল এগৰাকী নাবালিকা ৷

প্ৰাপ্ত তথ্য অনুসৰি, 25 জুলাইত ধেমাজিৰ এগৰাকী 14 বছৰীয়া কিশোৰী নিজৰে আত্মীয়ৰ কামনাৰ বলি হ’ব লগা হ’ল ৷ এই দুষ্কাৰ্য সম্পন্ন কৰি পলায়ন কৰে অভিযুক্ত ৷ অভিযুক্ত জনৰ নাম মৃদুল শৰ্মা বুলি জানিব পৰা গৈছে ৷

নিজ আত্মীয়ৰে কামনাৰ বলি এগৰাকী 14 বছৰীয়া কিশোৰী

পৰৱৰ্তী সময়ত ভুক্তভোগী কিশোৰীগৰাকীয়ে পিতৃ-মাতৃক এই বিষয়ে অৱগত কৰে ৷ জীয়ৰীৰ মুখৰ পৰা ঘটনাৰ বিৱৰণ শুনি হতভম্ব হৈ পৰে পিতৃ-মাতৃ ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত ধেমাজী আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী গৰাকীৰ পিতৃ-মাতৃয়ে ৷

লগতে পঢ়ক: আৰক্ষীৰ জালত পৰিল নাবালিকা ধৰ্ষণৰ অভিযুক্ত আব্দুছ

ধেমাজি সদৰ আৰক্ষীয়ে অভিযুক্ত মৃদুল শৰ্মাৰ বিৰুদ্ধে ৩৫০/২০২১ নম্বৰত US 354 IBC R/W 8 of Poscd act ৰ ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত এক গোচৰ পঞ্জীয়ন কৰে ৷ আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত মৃদুল শৰ্মাক বিচাৰি আৰম্ভ কৰিছে তদন্ত ৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বৰ্তমান পলাতক হৈ আছে অভিযুক্ত মৃদুল শৰ্মা ৷

rape case at dhemaji
পলাতক অভিযুক্ত

ইপিনে গোচৰ পঞ্জীয়ন হোৱাৰ 30 ঘণ্টা পাৰ হ’ল ৷ কিন্তু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই অভিযুক্ত মৃদুল শৰ্মাক ৷ এই ঘটনাক কেন্দ্ৰ কৰে ধেমাজিত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক: মণিকূটৰ ভিতৰত নামঘৰীয়াৰ কামনাৰ বলি কিশোৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.