ETV Bharat / state

3 month football workshop: নেলীত তিনিমহীয়া ফুটবল কৰ্মশালা আৰম্ভ

author img

By

Published : Jun 17, 2023, 10:20 PM IST

মৰিগাঁও নেলীৰ বাউলাগগত শনিবাৰৰ পৰা তিনিমহীয়া ফুটবল প্ৰশিক্ষণৰ কৰ্মশালা আৰম্ভ । ফুটবল তথা দুভৰিৰ যাদুৰে বিশ্বৰ ফুটবল ইতিহাসত অসমৰ নাম সোণালী আখৰৰে লিপিবদ্ধ কৰাৰ লক্ষ্যৰ অনুষ্ঠিত এই বিশেষ ফুটবল কৰ্মশালা ।

Quarterly football workshop begins in Nellie
নেলীত তিনিমহীয়া ফুটবল কৰ্মশালা আৰম্ভ

নেলীত তিনিমহীয়া ফুটবল কৰ্মশালা আৰম্ভ

মৰিগাঁও,১৭ জুন: শনিবাৰৰ পৰা মৰিগাঁও জিলাৰ নেলীৰ বাউলাগত ৯০ দিনীয়াকৈ আৰম্ভ হৈছে ফুটবল কৰ্মশালা । চৰকাৰী আৰু অসম ৰাজ্যিক ক্ৰীড়া সন্থাৰ উদ্যোগত নহয় । গ্ৰাম্যাঞ্চলৰ যুৱ প্ৰতিভাসমূহক সুপৰিকল্পিতভাৱে আগবঢ়াই নিয়াৰ লক্ষ্যৰে এইবাৰ মৰিগাঁও জিলাৰ নেলীৰ অতি ভিতৰুৱা অঞ্চল বাউলাগত আৰম্ভ হৈছে তিনিমহীয়া ফুটবলৰ কৰ্মশালা ৷

গ্ৰামাঞ্চলৰ যুৱ প্ৰজন্মৰ মাজত ফুটবলৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি বিনামূলীয়াকৈ ফুটবলখেলৰ প্ৰশিক্ষণ কৰ্মশালাৰ এনে পদক্ষেপ গ্ৰহণ কৰিছে ঔগুৰি ক্ৰীড়া সন্থাই ৷ পিছপৰা অঞ্চলটোৰ যুৱকসকলে যাতে ফুটবলৰ জৰিয়তে যাতে তেওঁলোকৰ শাৰীৰিক-মানসিকভাৱে সবল কৰি ৰাখিব পাৰে তাৰেই প্ৰচেষ্টা ক্ৰীড়া সন্থাটোৰ ৷

বাউলাগগ নিম্ন বুনিয়াদী বিদ্যালয়ৰ খেলপথাৰত শনিবাৰে অনুষ্ঠিত কৰ্মশালাৰ আৰম্ভণিৰ দিনা অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ আঁত ধৰে ক্ৰীড়া সন্থাটোৰ সম্পাদক বিন্দু পোমাই । এই শুভাৰম্ভ অনুষ্ঠানটো আঁত ধৰি সম্পাদক বিন্দু পোমাই মন্তব্য কৰে যে ক্ৰীড়াৰ জৰিয়তে চৰিত্ৰ গঠন আৰু চৰিত্ৰ গঠনৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।

ইয়াৰ অংশ হিচাপে আমিও অঞ্চলৰ যুৱক-যুৱতীসকলে যাতে ক্ৰীড়াৰ জৰিয়তে তেওঁলোকৰ ভৱিষ্যতত এগৰাকী সুদক্ষ খেলুৱৈ ৰূপে নিজৰ লগতে জিলাখন, জিলা খনৰ লগতে ৰাজ্যৰ খনৰ নাম বিশ্বৰ ফুটবলৰ ইতিহাসত সোণালী আখৰৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হয় তাৰ বাবে অঞ্চলৰ গাঁও প্ৰধান ক্ৰীড়ানুৰাগী ব্যক্তিসকলৰ সহযোগত এই প্ৰশিক্ষণ আয়োজন কৰা হৈছে ।

সম্পাদক বিন্দু পোমাই কয় যে, কোন জানে এইসকল প্ৰশিক্ষাৰ্থীসকলৰ মাজৰ পৰা উপযুক্ত প্ৰশিক্ষণ লাভ কৰিলে সৃষ্টি হ'ব পাৰে ৰোণাল্ডো অথবা মেছিৰ লেখীয়া বিশ্ব বিখ্যাত ‌ফুটবল তাৰকা । ক্ৰীড়া সন্থাটোৰ সভাপতি শৈলেন আমচিয়ে আজিৰ নৱপ্ৰজন্মই স্কুল কলেজ, বিশ্ববিদ্যালয়ৰ শিক্ষাৰ লগতে আনান্য খেলৰ প্ৰতিও সমানে গুৰত্ব দিব লাগে বুলি মন্তব্য প্ৰদান কৰি লগতে জিলাখনৰ উপৰিও ৰাজ্যৰ বিভিন্ন অঞ্চলৰ আগ্ৰহী সকলেও প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিব বুলি কয় ।

কৰ্মশালাৰ শুভ উদ্ধোধন কৰে অনন্ত আমচিয়ে ৷ কৰ্মশালাত ফুটবলৰ মূখ্য প্ৰশিক্ষক নগাঁও জিলাৰ প্ৰণৱ বৰদলৈ, প্ৰশিক্ষক ৰবিন্দ্ৰ কাকতিৰ লগতে ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক: Lok Sabha elections:লোকসভা নিৰ্বাচনৰ বাবে ভোটাৰ তালিকাৰ কাম আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.