ETV Bharat / state

Democratic Civil Protection Forum: গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ ত্ৰয়োদশ বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ প্ৰস্তুতি

ডিচেম্বৰৰ শেষত অথবা জানুৱাৰী প্ৰথম ভাগত অনুষ্ঠিত কৰা হ'ব গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ ত্ৰয়োদশ বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন (Democratic Civil Protection Forum) । শুকুৰবাৰে অনুষ্ঠিত এখনি ৰাজহুৱা সভাত বহু ভাষিক স্মৰণিকা প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

author img

By

Published : May 20, 2023, 9:13 PM IST

Public meeting of Democratic Civil Protection Forum in Jonai
গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ ত্ৰয়োদশ বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ প্ৰস্তুতি

জোনাই,২০ মে': শুকুৰবাৰে ধেমাজি জিলাৰ সানজাৰি নৌগৌৰৰ চিমেন চাপৰিস্থিত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ (Democratic Civil Protection Forum) মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হয় এখনি গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা । গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি জাৰিমিন নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক তোলন সোণোৱালে ।

তেওঁ কয় যে গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সাংবিধানিক নীতি অনুসৰি কাৰ্যনিবাহক সমিতিৰ কাৰ্যকাল তিনিবছৰীয়া । সেয়ে বৰ্তমানৰ সমিতিখনৰ কাৰ্যকাল উকলি যোৱাৰ হেতুকে নতুন সমিতি গঠন কৰিবলৈ পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে (13th Annual Plenary Session) ।

লগতে তেওঁ আগন্তুক অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা আৰু অধিৱেশন উপলক্ষে স্মৰণিকা প্ৰকাশৰ আলোচনা কৰাৰ উদ্দেশ্য আগত ৰাখি এই সভাৰ আয়োজন কৰা হৈছে বুলি বক্তব্য আগবঢ়ায় । সভাত ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে কয় যে পিছপৰা, অনুন্নত আৰু অনগ্ৰসৰ অঞ্চলৰ জ্বলন্ত সমস্যাসমূহৰ সমাধানৰ বাবে অৰাজনৈতিক, গণতান্ত্ৰিক আৰু উমৈহতীয়া সংগঠনৰ অতীব প্ৰয়োজন (Public meeting of Democratic Civil Protection Forum in Jonai) ।

তেওঁ কয় যে, ভাষা, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে জাতি-জনগোষ্ঠীৰ উন্নয়ন, বিকাশ আৰু জীৱন-সম্পত্তিৰ সুৰক্ষা, নিৰাপত্তা প্ৰদানৰ বাবে গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ বিকল্প নাই । এই সভাই গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ আগন্তুক ত্ৰয়োদশ বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখন ২০২৩ চনৰ ডিচেম্বৰ মাহৰ শেষত অথবা ২০২৪ চনৰ জানুৱাৰী মাহৰ প্ৰথম ভাগত অনুষ্ঠিত কৰা হ'ব বুলি প্ৰকাশ কৰে ।

তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হ'ব অধিৱেশনখনি । শুকুৰবাৰে অনুষ্ঠিত সভাতে মিচিং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰীক সভাপতি, চিমেনমুখ গাঁও পঞ্চায়তৰ কাউঞ্চিলৰ সুজিত হাজঙক কাৰ্যকৰী সভাপতি, ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰাতিৰাম বসুমতাৰী, এমএমকেৰ নেতা ইন্দ্ৰজিৎ কুলি, সমাজকৰ্মী বীৰেশ নমঃশূদ্ৰ, ধেমাজি জিলা পৰিষদৰ প্ৰাক্তন সদস্য চাঞ্চুমা বসুমতাৰী, চিমেন চাপৰি গাঁও পঞ্চায়তৰ সভাপতি ডম্বৰু কোঁৱৰক উপ সভাপতি হিচাপে লৈ সমিতিখন গঠন কৰা হয় ।

লগতে পঢ়ক: Scam in Repairing Rabindra Bhawan : ৰবীন্দ্ৰ ভৱন মেৰামতিৰ নামত 8 কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.