জোনাই, ১৫ জুলাই:জোনাইত বিধ্বস্ত পথ মেৰামতি কৰাৰ দাবীত ক্ষুব্ধ ৰাইজে পথৰ ওপৰত কঁঠিয়া ৰুই প্ৰতিবাদ । পথৰ মেৰামতি নহ'লে ২০ ২৪ৰ লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ ভুক্তভোগী ৰাইজৰ ৷ ধেমাজি জিলাৰ জোনাইৰ ৰায়াং বিজয়পুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং চিৰামপুৰীয়াৰ পদ্মা চুবুৰীত বিধ্বস্ত পথৰ বাবে ৰাইজে যাতাযাতত যমৰ যাতনা ভুগিবলগীয়া হৈছে । উপায়ন্তৰ হৈ ৰাইজে এইদৰে প্ৰতিবাদত নামিল ।
বছৰ বছৰ ধৰি এটা বিধ্বস্ত পথে জলাকলা খুৱাইছে এক বৃহত্তৰ অঞ্চলৰ ৰাইজক ৷ ফলত ক্ষোভত ৰাইজে বিধ্বস্ত পথৰ ওপৰত কঁঠিয়া ৰুই স্থানীয় বিধায়ক,সাংসদ, মিছিং স্বায়ত্তশাসিত পৰিষদ তথা পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ৷ জিলাখনৰ জোনাইৰ ৰায়াং বিজয়পুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং চিৰামপুৰীয়াৰ পদ্মা চুবুৰীৰ অতি বিধ্বস্ত পথটো পথাৰলৈ পৰ্যবসিত হৈছে ৷
১ নং চিৰামপুৰীয়াৰ তাবুল তিনিআলি গড়কাপ্তানি পথৰ পৰা পদ্মা চুবুৰী হৈ নাহৰ বিজুলী,অমৰপুৰ,নাহৰ বান্দানা আদি গাঁওসমূহলৈ যোৱা সংযোগী পথছোৱা বছৰ বছৰ ধৰি মেৰামতি নকৰাত এজাক বৰষুণতে সৃষ্টি হয় একাঠু বোকা-পানী ৷ যেন গাঁৱৰ পথ নহয়,পথাৰৰ বোকা-পানীহে ৷ পদ্মা চুবুৰীৰ প্ৰায় শতাধিক পৰিয়ালৰ লগতে উল্লেখিত গাঁও সমূহৰ শ শ ৰাইজৰ লগতে কণকণ ছাত্ৰ-ছাত্ৰীয়ে এইখন বিধ্বস্ত পথৰ বোকা-পানী গচকি দৈনিক যোগাযোগ অব্যাহত ৰাখিছে স্কুল-কলেজ,জোনাই সদৰকে ধৰি বহিঃজগতৰ সৈতে ৷
গাড়ী,মটৰচাইকেল কিম্বা চাইকেলৰ কথাতো বাদেই, কণকণ শিশুকে ধৰি ৰাইজে বিধ্বস্ত পথটোৰে খোজ কাঢ়ি যাতায়াত কৰিবলগীয়া হোৱাত ভুগিছে যমৰ যাতনা ৷ জানিব পৰা মতে,ৰোগীক ৰাইজে বোকোচাত বান্ধি নিব লগা হয় গড়কাপ্তানি পথলৈ ৷ কিন্তু ইমানৰ পিছতো স্থানীয় বিধায়ক ভূবন পেগু,সাংসদ প্ৰদান বৰুৱা,মিছিং স্বায়ত্তশাসিত পৰিষদ তথা পঞ্চায়ত প্ৰতিনিধিসকলে আজিকোপতি পথছোৱা মেৰামতি বা নিৰ্মাণৰ বাবে কোনোধৰণৰ আঁচনি গ্ৰহণ বা প্ৰদান নকৰাৰ অভিযোগ কৰিছে ৰাইজে ৷
ফলত পদ্মা চুবুৰি গাঁৱৰ একাংশ ক্ষুব্ধ মহিলাই একাঠু বোকাময় পথৰ ওপৰত কঁঠিয়া ৰুই এনেদৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ইফালে, কেবল নিৰ্বাচনৰ সময়তে ভোট বিচাৰি আহে যদিও জয়ী হোৱাৰ পিছত এবাৰো ৰাইজৰ সমস্যাৰ খবৰ লবলৈ আহৰি নোহোৱা নিৰ্বাচিত জনপ্ৰতিনিধি সকলক পথছোৱা শীঘ্ৰে মেৰামতি নকৰিলে অহা ২৪ ৰ নিৰ্বাচন ভোট বৰ্জন কৰাৰ হুংকাৰ দিছে ভুক্তভোগী ৰাইজে ৷
লগতে পঢ়ক:Summer dance workshop in Guwahati : নৃত্যাঞ্জলি কলাকেন্দ্ৰৰ গ্ৰীষ্মকালীন নৃত্য কৰ্মশালা