ETV Bharat / state

School amalgamation at Jonai : বিদ্যালয় একত্ৰিকৰণৰ বিৰুদ্ধে জোনাইত শিক্ষাৰ্থীৰ প্ৰতিবাদ - বিদ্যালয় একত্ৰিকৰণৰ বিৰুদ্ধে উত্তাল জোনাই

বিদ্যালয় একত্ৰিকৰণৰ বিৰুদ্ধে জোনাইত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ ৷ জোনাইৰ ৰুক্মিনী আলি উচ্চ মাধ্যমিক বিদ্যালয়ত শনিবাৰে ৰূপায়ন কৰা হয় প্ৰতিবাদী কাৰ্যসূচী ৷

Protest aginst school amalgamation
বিদ্যালয় একত্ৰিকৰণৰ বিৰুদ্ধে জোনাইত প্ৰতিবাদ
author img

By

Published : Jul 1, 2023, 1:11 PM IST

বিদ্যালয় একত্ৰিকৰণৰ বিৰুদ্ধে জোনাইত প্ৰতিবাদ

জোনাই, 1 জুলাই : চৰকাৰবিৰোধী শ্ল’গানেৰে উত্তাল হ’ল ৰাজ্যৰ এখন চৰকাৰী বিদ্যালয় প্ৰাংগন ৷ কোনো দল সংগঠন বা বিৰোধী ৰাজনৈতিক দলে নহয়, বিদ্যালয় একত্ৰিতকৰণৰ বিৰুদ্ধে বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে দিলে চৰকাৰ বিৰোধী শ্ল’গান । বিদ্যালয় একত্ৰিতকৰণ সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত প্ৰতিবাদ অব্যাহত থকাৰ সময়তে এইবাৰ জোনাইৰ ৰুক্মিনী আলি উচ্চ মাধ্যমিক বিদ্যালয়ত বৃহস্পতিবাৰে বিদ্যালয়খনৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলে চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখ্য যে, ধেমাজি জিলাৰ জোনাইৰ অতি পিচপৰা অঞ্চলৰ লুহিজান গাঁৱকে ধৰি প্ৰায় 25 খন গাঁৱৰ একমাত্ৰ উচ্চ শিক্ষানুস্থান হিচাপে পৰিচিত ৰুক্মিনী আলি উচ্চ মাধ্যমিক বিদ্যালয়খনক প্ৰগতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সৈতে একত্ৰিতকৰণ কৰিবলৈ লোৱা চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে গৰ্জি উঠিল বিদ্যালয়খনৰ শিক্ষাৰ্থীকে ধৰি অভিভাৱকসকল ৷ প্ৰয়োজনৰ স্কুলীয়া জীৱন ত্যাগ কৰিব তথাপি বিদ্যালয় উঠি যাবলৈ দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলে ।

বানবিধ্বস্ত আৰু অতি পিচপৰা অঞ্চলৰ অন্তৰ্গত কেৰকেৰ, নলিনীপাম, বলুকাগুৰি, বেৰাচাপৰি, টাৰিমাজ গাঁও, লুহিজান, মাজগাঁও আদি বিভিন্ন গাঁৱৰ পৰা শিক্ষাৰ্থীসকলে বোকা-পানীৰ লগতে বাৰিষাৰ সময়ত টুলুঙা নাৱেৰে প্ৰায় 9-10 কিলোমিটাৰ পৰ্যন্ত খোজকাঢ়ি বিদ্যালয়খনলৈ আহে একমাত্ৰ জ্ঞানৰ পোহৰ বিচাৰি । কিন্তু এই বিদ্যালয়খন চৰকাৰে উঠাই আনি বিদ্যালয়খনৰ পৰা প্ৰায় 5 কিলোমিটাৰ দূৰত্বত অৱস্থিত প্ৰগতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সৈতে কি যুক্তিত একত্ৰিতকৰণ কৰিব বিচাৰিছে বুলি প্ৰশ্ন উত্থাপন কৰিছে শিক্ষাৰ্থীসকলে ৷

চৰকাৰে হঠকাৰী সিদ্ধান্ত পৰিহাৰ কৰি কণ কণ দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ জীৱন‌ ধ্বংস নকৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজৰ লগতে অভিভাৱকসকলে ।

লগতে পঢ়ক : Constituency delimitation : খিলঞ্জীয়াৰ স্বাৰ্থত ছমৰীয়া সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষণৰ দাবী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.