ETV Bharat / state

Protest at Dhakuakhana: পৌৰকৰ বৃদ্ধিৰ বিৰুদ্ধে ঢকুৱাখনাত উত্তাল প্ৰতিবাদ

author img

By

Published : Mar 28, 2023, 10:28 PM IST

পৌৰকৰ বৃদ্ধিক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ ৷ এইবাৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ঢকুৱাখনা ব্লক কংগ্ৰেছৰ নেতৃত্বত আন তিনিটাকৈ ৰাজনৈতিক দল ৷ শীঘ্ৰে বৰ্ধিত পৌৰকৰৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰাৰ দাবীত মঙলবাৰে উত্তাল হ’ল ঢকুৱাখনা চহৰ (Protest at Dhakuakhana) ।

Protest against Municipal Tax at Dhakuakhana
পৌৰকৰ বৃদ্ধিক লৈ প্ৰতিবাদ

পৌৰকৰ বৃদ্ধিক লৈ প্ৰতিবাদ

ঢকুৱাখনা, ২৮ মাৰ্চ : ৰাজ্যত পৌৰসভাৰ এলেকাত অস্বাভাৱিক পৌৰকৰ বৃদ্ধি কৰাক লৈ তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে বিভিন্ন দল-সংগঠনসমূহে ৷ এনে প্ৰতিবাদৰ মাজতেই আজি অৰ্থাৎ মঙলবাৰে ঢকুৱাখনাত প্ৰস্তাৱিত বৰ্ধিত পৌৰকৰ আৰোপৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল ঢকুৱাখনা ব্লক কংগ্ৰেছৰ নেতৃত্বত আন তিনিটা ৰাজনৈতিক দলৰ সদস্য (Protest at Dhakuakhana)।

ঢকুৱাখনা ব্লক কংগ্ৰেছৰ উদ্যোগত ৰাইজৰ দল, চি পি আই আৰু চি পি আই(এম) একত্ৰিত হৈ ঢকুৱাখনা গান্ধী ময়দানৰ সন্মুখত এখন প্ৰতিবাদী সভাৰ আয়োজন কৰে । ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় এই প্ৰতিবাদী সভাত (Protest against Municipal Tax at Dhakuakhana) ৷

প্ৰতিবাদকাৰীসকলে উল্লেখ কৰা অনুসৰি, ঢকুৱাখনা পৌৰ এলেকাত গৰিষ্ঠ সংখ্যক মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত নাগৰিকে বসবাস কৰে ৷ নাগৰিকসকলৰ এনে অতিৰিক্ত কৰৰ বোজা বহন কৰাটো মুঠেও সম্ভৱ নহয় বুলি একমুখে দাবী কৰি চৰকাৰে হঠাতে নাগৰিকৰ ওপৰত জাপি দিব বিচৰা এনে কৰৰ বোজা এক অন্যায় বুলি অভিহিত কৰে । চৰকাৰে এই বৰ্ধিত কৰ বাতিল কৰিব লাগে, লগতে ঢকুৱাখনাৰ ৰাইজে বৰ্ধিত কৰ পৰিশোধ নকৰে বুলিও স্পষ্ট কৰে প্ৰতিবাদকাৰীসকলে ৷ সেয়েহে অতি সোনকালে বৰ্ধিত কৰ কাটলৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিবলৈ প্ৰতিবাদকাৰীসকলে চৰকাৰক দাবী জনায় ।

এই প্ৰতিবাদী সভাত অংশ লৈ অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক পদ্মলোচন দলে কয়, ‘‘এয়া ৰাইজক জাপি দিয়া বোজা । ক্ৰমৱৰ্ধমান মূল্যবৃদ্ধিয়ে ইতিমধ্যে ৰাইজক জুৰুলা কৰি পেলাইছে । ইয়াৰ মাজতে অতিৰিক্তভাৱে পৌৰকৰ বৃদ্ধিৰে সৰ্বসাধাৰণৰ মূৰত মাধমাৰ শোধাব বিচাৰিছে ৰাজ্য চৰকাৰে ।’’

‘‘পৌৰকৰ বৃদ্ধিৰ পূৰ্বে বিভাগীয় কৰ্তৃপক্ষই প্ৰতিখন পৌৰনিগম আৰু পৌৰসভাত স্থানীয়ভাৱে জন শুনানি আৰু ৰাজহুৱা ওজৰ আপত্তি গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল ৷ কিন্তু অতি কৌশলৰে জনশুনানী বা ৰাজহুৱা অভিযোগৰ কোনো গুৰুত্ব নিদি পৌৰকৰ বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰা কাৰ্য কোনো কাৰণতে মানি লোৱা নহ’ব ৷’’ দলেয়ে কয় ৷

প্ৰতিবাদী সভাৰ পিচতেই প্ৰতিবাদকাৰীসকলে নগৰৰ মাজেৰে সমদল কৰি ঢকুৱাখনা পৌৰসভাৰ প্ৰৱেশ দ্বাৰত বিক্ষোভ প্ৰদৰ্শন কৰে । প্ৰতিবাদকাৰীসকলে পৌৰকৰ হ্ৰাস কৰাৰ দাবী উত্থাপন কৰি পৌৰকৰ হ্ৰাস কৰক, বিজেপি চৰকাৰ হুচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা হায় হায়, বিজেপি চৰকাৰ লেই লেই চেই চেই আদি শ্ল’গান দি পৌৰসভাৰ চৌহদ উত্তাল কৰি তোলে ।

এই প্ৰতিবাদী কাৰ্যসূচীত লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি গগন চন্দ বৰা, উপ সভাপতি বাহাৰুল ইছলাম, ৰাইজ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক পদ্মকান্ত দলে, চি পি আইৰ ৰাজ্যিক সদস্য গোপাল গগৈ, ঢকুৱাখনা মহকুমা কমিটীৰ সম্পাদক গুণ ফুকন, চি পি আই(এম)ৰ ঢকুৱাখনা লোকেল কমিটীৰ সম্পাদক গহীন্দ্ৰ চুতীয়াকে ধৰি প্ৰায় পাঁচ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে । পৌৰকৰ হ্ৰাস নকৰিলে পৰৱৰ্তী সময়ত ইয়াতকৈয়ো ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক : Rakesh Paul news update : মুকলি আকাশৰ তললৈ আহিল দুৰ্নীতিৰ সদাগৰ ৰাকেশ পাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.