ETV Bharat / state

ৱেব পৰ্টেলৰ সাংবাদিকক এইবাৰ প্ৰশাসনে লগাব নাকী ! - স্বীকৃতিপ্ৰাপ্ত

ধেমাজি প্ৰেছ ক্লাৱত গুৰুত্বপূৰ্ণ সভা ৷ ৱেব পৰ্টেলৰ সাংবাদিকৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ সভা ৷ জিলা উপায়ুক্তক ব্যৱস্থা লবলৈ আহ্বান সাংবাদিক সন্থাৰ ৷

Press conference against Portal journalist at Dhemaji Press Club
পৰ্টেল সাংবাদিকৰ বিৰুদ্ধে ধেমাজি প্ৰেছ ক্লাৱত সাংবাদিকৰ সভা
author img

By

Published : Oct 13, 2020, 7:57 AM IST

ধেমাজি, 13 অক্টোবৰ : সোমবাৰে ধেমাজি প্ৰেছ ক্লাৱত প্ৰেমানন্দ তালুকদাৰৰ সভাপতিত্বত এখনি জৰুৰী সভা অনুষ্ঠিত হৈ যায় ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক হৰেন্দ্ৰ নাথ শৰ্মাই ৷ সভাত ধেমাজি জিলা সাংবাদিক সন্থাৰ সভাপতি তথা জেষ্ঠ্য সাংবাদিক অশ্বিনী দুৱৰা আৰু দিলিপ কুমাৰ হাজৰিকাৰ উপস্থিতিত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহন কৰা হয় ৷

প্ৰস্তাৱ অনুসৰি, ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্তৰ লগতে ধেমাজি জিলা বিজেপিৰ সকলো ধৰণৰ বা-বাতৰি বৰ্জনৰ প্ৰস্তাৱ গ্ৰহন কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ উপৰিও ধেমাজিৰ বিধায়ক ৰণোজ পেগু, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাকো স্মাৰক পত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহন কৰা হয় ৷ ইয়াৰ উপৰিও সভাৰ আন এক গুৰুত্ব পূৰ্ণ প্ৰস্তাৱ মৰ্মে ধেমাজি জিলাত একাংশ ৱেব পৰ্টেলৰ স্বয়ম্ভু সাংবাদিকক নাকী লগাবৰ বাবে ধেমাজি জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক প্ৰস্তাৱ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

লগতে পঢ়ক : SI কেলেংকাৰী সন্দৰ্ভত কি মন্তব্য আৰক্ষী সঞ্চালক প্ৰধানৰ...

উল্লেখ্য যে, কিছুদিন পূৰ্বে ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্তই ধেমাজি প্ৰেছ ক্লাৱৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সংবাদ কমীসকলক উপেক্ষা কৰি একাংশ ৱেব পটেলৰ সংবাদ কৰ্মীৰ সৈতে সংবাদমেল আয়োজন কৰাক লৈ ক্ষোভিত হৈ পৰিছে ধেমাজি প্ৰেছ ক্লাব ৷ ইপিনে, জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে সদৰত শেহতীয়াকৈ আত্মপ্ৰকাশ কৰা 'জাতীয় সংবাদ কৰ্মী’ৰ আগ্ৰাসনত একাংশ লোক হতচকিত হৈ পৰিছে ৷

উল্লেখ্য যে, সভাত সাংবাদিক বিশ্বজ্যোতি ফুকন, দ্বীপেন ভিতৰুৱাল কোৱঁৰ, বিৰিঞ্চি দত্ত, বিজন শমা, সঞ্জীৱ কোঁৱৰ, জয়ন্ত বৰা, জিতু শইকীয়া, মনবিকাশ বৰগোহাঁই, পৱন বৰুৱাকে আদি কৰি জিলাখনৰ বহুসংখ্যক সাংবাদিক তথা সংবাদকৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক : ধেমাজি ৰে’লৱে ষ্টেচনত ৰাজধানী এক্সপ্ৰেছৰ বাবে ষ্ট’পেজৰ দাবী জিলা আছুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.