ETV Bharat / state

Guinness book of World Record: প্ৰাৰম্ভিক বাচনি প্ৰক্ৰিয়াত অংশগ্ৰহণ নকৰা বিহুৱতীক নিৰ্বাচিত !

ধেমাজিত বিহুৱা বিহুৱতী বাচনি প্ৰক্ৰিয়াত ব্যাপক অনিয়মৰ অভিযোগ (Allegation against Bihuwati selection process) । প্ৰাৰম্ভিক বাচনি প্ৰক্ৰিয়াত অংশ গ্ৰহণ নকৰা বিহুৱতীক নিৰ্বাচিত কৰাৰ অভিযোগ ।

author img

By

Published : Mar 29, 2023, 10:16 PM IST

Assam Bihu dance Guinness book of World Record
ধেমাজিত বিহুৱা বিহুৱতী বাচনি প্ৰক্ৰিয়াত ব্যাপক অনিয়ম

ধেমাজি, ২৯ মাৰ্চ: অহা ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত একেলগে 11 হাজাৰ বিহুৱা-বিহুৱতীৰ দ্বাৰা নৃত্য প্ৰদৰ্শনৰ অভিনৱ আৰু অভিলাষী অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত ধেমাজি জিলাৰো ৪০০ বিহুৱা-বিহুৱতীয়ে অংশগ্ৰহণ কৰি বিহু নাচ প্ৰদৰ্শন কৰিব (Assam Bihu dance Guinness book of World Record) । সেয়েহে যোৱা সোমবাৰৰ পৰা ধেমাজি বিধানসভাৰ সমষ্টিত আৰম্ভ হৈছে পাঁচদিনীয়াকৈ বিহু নৃত্যৰ আখৰা শিবিৰ । সেয়েহে একেলগে বাজি উঠিছে ষাঠীটাৰো অধিক ঢোল ৷ একেটা চাপৰত নচাৰ প্ৰয়াস কৰিছে এশ চল্লিশৰো অধিক নাচনীয়ে ৷

কিন্তু ৰেকৰ্ড গঢ়াৰ এই অনুষ্ঠানৰ বাবে ধেমাজি জিলাৰ দুয়োটা বিধানসভা সমষ্টিৰ পৰা ২০০ কৈ মুঠ ৪০০ বিহুৱা-বিহুৱতীক নিৰ্বাচন কৰা প্ৰক্ৰিয়াত লাগিল কেৰোণ । প্ৰাৰম্ভিক বাছনিত নিৰ্বাচিত হোৱা বহুকেইগৰাকী বিহুৱতীক সংশ্লিষ্ট বিভাগে বঞ্চিত কৰি নিৰ্বাচক মণ্ডলীৰ অঙহী বঙহীক দিছে স্থান ৷ ইয়াকে লৈ এতিয়া ধেমাজিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Allegation against selectors of Bihu Dancer) ।

ৰেকৰ্ড গঢ়াৰ এই অনুষ্ঠানৰ বাবে ধেমাজি জিলাৰ দুয়োটা বিধানসভা সমষ্টিৰ পৰা ২০০ কৈ মুঠ ৪০০ বিহুৱা-বিহুৱতীক নিৰ্বাচন কৰা হ’ব ৷ ২৭ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ পাঁচদিনীয়াকৈ চূড়ান্ত বাছনিৰ আখৰা শিবিৰ অনুষ্ঠিত হৈছে । ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি নগৰ চিলাৰায় ভৱনত ঢুলীয়া আৰু নাচনীৰ বিহু নৃত্য আখৰা শিবিৰ অনুষ্ঠিত হৈছে ৷ শিবিৰত অভিজ্ঞ বিহুৱতী আৰু ঢুলীয়াৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰাৰ সময়তে বঞ্চিত বিহুৱতীয়ে অভিযোগ তুলিছে অনিয়মৰ (Assam ready to set Guinness book of world record) ৷

উত্থাপিত অভিযোগ মতে, প্ৰাৰম্ভিক বাছনিত নিৰ্বাচিত হোৱা বহুকেইগৰাকী বিহুৱতীক সংশ্লিষ্ট বিভাগে বঞ্চিত কৰি নিৰ্বাচক মণ্ডলীৰ অঙহী-বঙহীক দিছে স্থান (Preparation of Guinness book of World Record)৷ ধেমাজিৰ কেইবাগৰাকীও নাচনীয়ে অভিযোগ উত্থাপন কৰি কয় যে প্ৰাৰম্ভিক বাচনি প্ৰক্ৰিয়াত অংশ গ্ৰহণ নকৰিয়ো বিহু কৰ্মশালাত বিহুৱতীয়ে অংশ কৰিছে ৷

লগতে পঢ়ক:Lakhimpur congress protest: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰুদ্ধে লখিমপুৰত কংগ্ৰেছৰ চাৰি ভগ্নী সংগঠনৰ প্ৰতিবাদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.