জোনাই,৭ ফেব্ৰুৱাৰী: উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে ধেমাজি জিলাৰ চিমেন চাপৰি চেৰেণ পথাৰত । কিয়নো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । দুটা দিন বাকী থকা মূহুৰ্তত পূৰ্ণগতিত প্ৰস্তুতি চলিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিৱেশনৰ কাম(Preparation for Srimanta Sankaradeva Sangha session) । ১০,১১ আৰু ১২ ফেব্ৰুৱাৰীত ধেমাজি জিলাৰ সানজাৰি নৌগৌৰ, চিমেন চাপৰিৰ চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিৱেশন(92nd session of Srimanta Sankaradeva Sangha) ।
অভ্যৰ্থনা সমিতিয়ে জনোৱা অনুসৰি প্ৰায় দহৰ পৰা পোন্ধৰ লাখ ভকত-বৈষ্ণৱৰ আগমন ঘটিব অধিৱেশনত(Srimanta Sankaradeva Sangha) । দহ হাজাৰ ভকতে একেলগে বহি আহাৰ গ্ৰহণ কৰিব পৰা ভোজনালয় সম্পূৰ্ণ প্ৰাকৃতিক সামগ্ৰী যেনে বাঁহ, বেতেৰে নিৰ্মাণ কৰা হৈছে । টকৌ পাতেৰে নিৰ্মাণ কৰা হৈছে মূল মঞ্চ, লগতে টকৌ পাত, বাঁহ, বেত, ছেৱা গছৰে মূল মণ্ডপ সাজি উলিওৱা হৈছে । মাজত দুদিন বাকী থকা সময়ছোৱাত পানী যোগান উপ-সমিতিয়ে তিনিশটা দমকল, দুটা গভীৰ নলীনাদ, আৰু জলজীৱন আঁচনিৰ জৰিয়তে ব্যৱস্থা কৰিছে(Srimanta Sankaradeva Sangha session) ।
অনাময় উপ-সমিতিয়ে দুই হাজাৰ শৌচাগাৰ নিৰ্মাণৰ কাম প্ৰায়েই সম্পূৰ্ণ কৰি তুলিছে । দুহেজাৰ বিশেষ প্ৰতিনিধি শিবিৰ, ভকত-বৈষ্ণৱৰ বাবে তিনিশ ফুট দীঘল আৰু ওঠৰ ফুট বহল ৮২ টা শিবিৰ, আঠৰ পৰা দহ হাজাৰ সেৱাবাহিনী থাকিব পৰা চাৰিশ ফুট দীঘল আৰু দুশ ফুট বহল শিবিৰ, পাঁচশ পৃষ্ঠাৰ কলেবৰৰ আঠ হাজাৰ কপি প্ৰকাশ পাব লগা স্মৃতিগ্ৰন্থ "সুধাসিন্ধু"ৰ কামো পূৰ্ণ গতিত চলি আছে ।
ইতিমধ্যে সম্পূৰ্ণ হৈ উঠা নামঘৰত ১৬ জানুৱাৰীৰ পৰাই পুৱা-গধূলি নাম প্ৰসঙ্গ আৰু ভাগৱত পাঠ চলি আহিছে । অধিৱেশনৰ মূল আদৰণি তোৰণৰ লগতে কুৰিখনৰো অধিক আদৰণি তোৰণৰ কাম ক্ষীপ্ৰ গতিত চলি আছে । বৰ্তমানলৈকে ধাৰ্যকৃত বাজেটৰ অৰ্ধ শতাংশ পুঁজিহে সংগ্ৰহ হৈছে বুলি বিত্ত উপ-সমিতিৰ সম্পাদকে সদৰী কৰিছে যদিও এইক্ষেত্ৰত সহায় পোৱা যাব বুলি মত ব্যক্ত কৰে ।
উল্লেখযোগ্য, পোন্ধৰ-বিশ লাখ ভকত-বৈষ্ণৱৰ আগমন ঘটিবলগীয়া অধিৱেশনত বাঁহ, বেত, টকৌ পাত, ছেৱা গছৰ মূল মঞ্চ-মণ্ডপ, দহ হাজাৰ ভকতে একেলগে বহিব পৰা ভোজনালয়ত সেৱা আগবঢ়াবৰ বাবে সাজু কৰি তোলা হৈছে দহ হাজাৰ সেৱাবাহিনী, গ্ৰন্থমেলাত সাতশ পঞ্চাশখন দোকানৰ ব্যৱস্থা কৰা হৈছে, নিৰ্মাণ কৰা হৈছে দুহেজাৰ শৌচাগাৰ । মাজত আছে মাত্ৰ দুটা দিন ।
সেয়ে পূৰ্ণগতিত প্ৰস্তুতি চলিছে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯২ সংখ্যক অধিৱেশনৰ । সংগ্ৰহ হৈছে ধাৰ্যকৃত বাজেটৰ অৰ্ধ শতাংশ পুঁজি । অধিৱেশনত উপস্থিত থাকিব অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, কেবাখনো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, প্ৰাধ্যাপক, বিশিষ্ট সাংবাদিক, গৱেষক । উদ্যোক্তাসকলে জনোৱা অনুসৰি অধিৱেশন চলি থকাৰ সময়ত প্ৰদৰ্শন কৰা হ'ব কেবাখনো অঙ্কীয়া নাট । সমূহ বাপ-বৈষ্ণৱৰ উপস্থিতি তথা সহায়-সহযোগি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে ।
লগতে পঢ়ক: Attempts to molest women: মহানগৰীত স্কুটীত অহা যুৱকৰ টাৰ্গেট অকলশৰীয়া যুৱতী