ETV Bharat / state

সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি

author img

By

Published : Oct 24, 2022, 10:08 PM IST

সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ (All Assam Sonowal Kachari Student Union) জোনাই মহকুমা সমিতিৰ পঞ্চম দ্বি-বাৰ্ষিক আৰু ডেকাপাম আঞ্চলিক সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশন আগন্তুক ২৯ আৰু ৩০ অক্টোবৰত আয়োজন কৰা হৈছে ।

preparation-for-annual-conference-of-all-assam-sonowal-kachari-student-union
সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি

জোনাই, ২৪ অক্টোবৰ: সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ( All Assam Sonowal Kachari Student Union) জোনাই মহকুমা সমিতিৰ পঞ্চম দ্বি-বাৰ্ষিক আৰু ডেকাপাম আঞ্চলিক সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশনখন (Preparation for annual conference of AASKSU) আগন্তুক ২৯ আৰু ৩০ অক্টোবৰত ডেকাপাম উদয়পুৰ ৰাজহুৱা খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে । অধিৱেশনৰ প্ৰথমদিনা পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ জোনাই মহকুমা সমিতিৰ সভাপতি ধৰ্মেণ সোণোৱালে ৷

পুৱা ৯-৩০ বজাত স্মৃতি তৰ্পণ কৰিব সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ডেকাপাম আঞ্চলিক সমিতিৰ সভাপতি ভাইজান সোণোৱালে । পুৱা ১০ বজাত গছপুলি ৰোপণ কৰিব তেলাম খণ্ড বন বিষয়া প্ৰভাত গগৈয়ে । দুপৰীয়া ১২ বজাত মূল মঞ্চ উদ্বোধন কৰিব চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শচীন দলেয়ে । দিনৰ ১ বজাত অনুষ্ঠিত হয় জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শনীখন ৷ বিয়লি ৩-৩০ বজাত অনুষ্ঠিত কৰা কেৰিয়াৰ গাইডেন্স কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ পৰমানন্দ সোণোৱালে ।

বিয়লি ৪-৩০ বজাত বিভিন্ন ক্ষেত্ৰৰ অগ্ৰণী ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হ’ব । ইয়াৰ পিছতেই ৫-৩০ ত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ জোনাই মহকুমা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক বুদ্ধেশ্বৰ সোণোৱাল আৰু ডেকাপাম আঞ্চলিক সমিতিৰ প্ৰাক্তন সাংস্কৃতিক সম্পাদিকা শেৱালি সোণোৱালৰ স্মৃতিত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ সন্ধিয়া ৬-৩০ বজাত ন-পুৰণি সতীৰ্থ সন্মীলন এখন অনুষ্ঠিত হ’ব ৷ এই অনুষ্ঠানৰ পাছতেই সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাৰ উদ্ধোধন কৰিব সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক চন্দন সোণোৱালে ।

নিশা ৯ বজাত সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ জোনাই মহকুমা সমিতিৰ প্ৰতিনিধি সভা আৰু নিশা ৯-৩০ বজাত ডেকাপাম আঞ্চলিক সমিতিৰ প্ৰতিনিধি সভা এখন অনুষ্ঠিত হ’ব ৷ দ্বিতীয় তথা ৩০ অক্টোবৰৰ পুৱা ১০-৩০ বজাত সাংস্কৃতিক শোভাযাত্ৰা আৰু দুপৰীয়া ১২ বজাত জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শনৰ উদ্ধোধন কৰিব সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক জীতেন সোণোৱালে । দিনৰ ২-৩০ বজাৰ পৰা এখন মুকলি সভা আৰম্ভ হ’ব ৷ সভাখনত সভাপতিত্ব কৰিব অভ্যৰ্থনা সমিতিৰ সভাপতি তোলন সোণোৱালে ।

মুকলি সভাত মুখ্য অতিথি হিচাপে সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, বিকেডব্লিউএচিৰ প্ৰধান মিহিনিশ্বৰ বসুমতাৰী, সোণোৱাল কছাৰী জাতীয় পৰিষদৰ সচিব প্ৰধান চন্দন সোণোৱাল, সদৌ অসম সোণোৱাল কছাৰী নাৰী সন্থাৰ সভানেত্ৰী ৰশ্মিৰেখা সোণোৱাল, স্থানীয় সাংসদ প্ৰদান বৰুৱা, স্থানীয় বিধায়ক ভূৱন পেগু, নিৰ্দিষ্ট বক্তা হিচাপে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেবানন্দ চেলেং, বিশিষ্ট অতিথি হিচাপে টিএমপিকেৰ সভাপতি ৰাজকুমাৰ মৰাং, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰাজু সোণোৱাল উপস্থিত থাকিব ৷

লগতে সোণোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য সম্পাদক মৃদুল সোণোৱাল, আছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি দিপক শৰ্মা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (Asom Jatiyatabadi Yuba Chatra Parishad) ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মা, সন্মানীয় অতিথি হিচাপে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ, মিচিং স্বায়ত্তশাসিত পৰিষদৰ, গাওঁ পঞ্চায়তৰ কেবাজনো জনপ্ৰতিনিধি, নিমন্ত্ৰিত অতিথি হিচাপে বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ নেতা উপস্থিত থাকিব । ইয়াৰ পাছতে সোনোৱাল কছাৰী ক'লা সংস্কৃতিৰ ওপৰত বক্তব্য আগবঢ়াব সদৌ অসম সোণোৱাল কছাৰী কল্যাণ সংঘৰ সাধাৰণ সম্পাদক যুগল ফৰ্মালে ।

সন্ধিয়া ৬-৩০ বজাত বন্তি প্ৰজ্বলন কৰিব অভ্যৰ্থনা সমিতিৰ সাংস্কৃতিক উপ সমিতিৰ সভাপতি ভৃগুৰাম সোণোৱালে । নিশা ৯-৩০ বজাৰ পৰা অনুষ্ঠিত কৰা সাংস্কৃতিক অনুষ্ঠানৰ উদ্ধোধন কৰিব সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ কাৰ্যবাহী সদস্য ৰিদিপ হাজৰিকাই । সাংস্কৃতিক অনুষ্ঠানত ত্ৰিদিপ গগৈ, পুৰণ প্ৰজ্ঞান সোণোৱাল আৰু ৰাখিস্মিতা গগৈয়ে গীত পৰিৱেশন কৰিব ৷

অধিৱেশনখন সাফ্যমণ্ডিত কৰি তুলিবলৈ ইতিমধ্যে অভ্যৰ্থনা সমিতিয়ে ব্যাপক প্ৰস্তুতি চলাইছে । আদৰণি তোৰণ,মূল মঞ্চ, মূল মণ্ডপ, অতিথিশালা, পতাকা উত্তোলন, স্মৃতি তৰ্পণ নিৰ্মাণৰ কাম দ্ৰুতগতিত চলি আছে । সাংস্কৃতিক উপ সমিতিয়ে লগ বিহু, লেচেৰী কৃষ্টি দলৰ আখৰা পূৰ্ণগতিত চলাইছে । স্বেচ্ছাসেৱকৰ প্ৰশিক্ষণ, প্ৰচাৰৰ কাম পূৰ্ণগতিত আগবঢ়াই নিছে ।

লগতে পঢ়ক: Basistha Dev Sarma : পঞ্চভূতত বিলীন বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াৰ নশ্বৰদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.