ধেমাজি,24 নৱেম্বৰঃ আজি ২৪ নৱেম্বৰত ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম পদ্মনাথ গোহাঞি বৰুৱা একাংকিকা নাট প্ৰতিযোগিতাখনি অসমৰ প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বাবে শ্ৰদ্ধা জনাই কাৰ্যসূচী স্থগিত ৰাখিলে উদ্যোক্তাই ৷
উল্লেখযোগ্য যে, অহা ২৭ নৱেম্বৰ লৈ পিছুৱাই দিয়া হৈছে বুলি জনাইছে উদ্যোক্তাই । একেদৰে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক সোঁৱৰণ কৰি এখন শোক সভা অনুষ্ঠিত কৰি বিদেহী আত্মাৰ সদগতি কামনা কৰে উদ্যোক্তা সকলে ।
লগতে পঢ়কঃ বৰপেটা চহৰত উদ্ধাৰ মৃতদেহ