ETV Bharat / state

ধেমাজিত বাঁহৰ মেলেঙতেই বিপদসংকুল যাতায়াত - যাতায়াত

ধেমাজিত বিপদসংকুলভাৱে বাঁহৰ মেলেঙেই একমাত্ৰ যাতায়ত । জন প্ৰতিনিধিয়ে কোনো ব্যৱস্থা নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ অতি শীঘ্ৰে উক্ত স্থানত যাতায়াতৰ বাবে বিহিত ব্যৱস্থা কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনৰ ৷

ধেমাজিত বাঁহৰ মেলেঙতেই বিপদসংকুল যাতায়াত
author img

By

Published : Aug 9, 2019, 9:59 AM IST

ধেমাজি, 8 আগষ্টঃ ধেমাজিত বিপদসংকুলভাৱে বাঁহৰ মেলেঙেই একমাত্ৰ যাতায়ত ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ । জন প্ৰতিনিধিয়ে কোনো ব্যৱস্থা নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

ধেমাজিত বাঁহৰ মেলেঙতেই বিপদসংকুল যাতায়াত

ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ডিজিটেল ইণ্ডিয়া , এডভান্টেজ অসমৰ কথা কৈ সকলোতে দিশতে উন্নয়ন,পৰিৱৰ্তন আৰু বিকাশ হৈছে বুলি ঢাক-ঢোল বজাই আহিছে যদিও প্ৰকৃতাৰ্থত আজিকোপতি বিকাশ অথবা পৰিৱৰ্তনৰ মুখ দেখা নাই বৃহত্তৰ ধেমাজিৰ নিলখপুৰবাসীয়ে । চিলাপথাৰলৈ যোৱা অতি চমু পথ নিলখ তৰাণিপথাৰ আৰু বেতনিপাম বালিজান সংযোগী পথত যাতায়তৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰ তথা প্ৰশাসনে । আজিও অঞ্চলবাসীয়ে গাই নদীৰ বুকুত বাঁহেৰে নিৰ্মিত ‘মেলেং’ ৰ জৰিয়তে অতি বিপদ সংকুলভাৱে যাতায়াত অব্যাহত ৰাখিছে । দৈনিক কলেজৰ ছাত্র - ছাত্ৰী , বিভিন্ন ব্যৱসায়ী , কৰ্মচাৰী এই পথেৰে অহা যোৱা কৰে । তাৰোপৰি বিপজ্জনকভাৱে মানুহৰ লগতে নিতৌ বাইক, চাইকেলৰ বোজা কঢ়িয়াই মেলেঙেই । ইয়াৰ বাবদ আৰোহী আৰু যাত্ৰীসকলে আদায় দিব লাগে 10 টকাৰ পৰা 30 টকা পৰ্যন্ত । কেৱল নিৰ্বাচনৰ সময়ত ভোট বিচাৰি আহিবলৈ সম‌য় ওলোৱা সমষ্টিৰ বিধায়ক ভূৱন পেগুৰ দৃষ্টিগোচৰ নোহোৱা বুলিও অভিযোগ ৰাইজৰ ৷ সুদীৰ্ঘ কাল অঞ্চলটোৰ যাতায়তৰ বাবে দলং এখনৰ ব্যৱস্থা কৰিব নোৱাৰা চৰকাৰখনৰ পৰিৱৰ্তনৰ শ্ল'গান অসাৰ বুলি মন্তব্য কৰে স্থানীয় ভুক্তভোগী ৰাইজে ।

Intro: বিপদসংকূলভাৱে বাঁহৰ মেলেঙেই একমাত্ৰ যাতায়ত ,।

Body: বিপদসংকূলভাৱে বাঁহৰ মেলেঙেই একমাত্ৰ যাতায়ত ।

ধেমাজি , 9 আগষ্ট : ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ডিজিটেল ইণ্ডিয়া , এডভান্টেজ অসম ৰ কথা কৈ সকলোতে দিশতে উন্নয়ন,পৰিৱৰ্তন আৰু বিকাশ হৈছে বুলি ঢাক - ঢোল বজাই আহিছে যদিও প্ৰকৃতাৰ্থত আজিকোপতি বিকাশৰ অথবা পৰিৱৰ্তনৰ মুখ দেখা নাই বৃহত্তৰ নিলখপুৰবাসীয়ে । বিশেষকৈ জোনাই বিধান সভাৰ সমষ্টি অন্তগৰ্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বহু নিলগৰ নিলখপূৰ বাসীৰ ৰ চিলাপথাৰলৈ যোৱা অতি চমু পথ নিলখ তৰাণিপথাৰ আৰু বেতনিপাম বালিজান সংযোগী পথ ত যাতায়তৰ বাবে কোনো ব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত নহল । আজিও মান্ধাতাৰ যুগৰ দৰে কেইবা দশক ধৰি অঞ্চলবাসীয়ে গাই নদীৰ বুকুত বাঁহেৰে নিৰ্মিত ," মেলেং "ৰ জৰিয়তে অতি বিপদ সংকূলভাৱে পাৰাপাৰ হৈ আহিছে শ শ লোকে । দৈনিক কলেজৰ ছাত্র - ছাত্ৰী , বিভিন্ন ব্যৱসায়ী , কৰ্মচাৰী এই পথেৰে পাৰাপাৰ হৈ আহিছে। বিপজ্জনকভাৱে মানুহৰ লগতে ,নিতৌ মটৰ চাইকেল , বাইচাকেল আদি বোজা কঢ়িয়াই মেলেঙেই । ইয়াৰ বাবদ আৰোহী আৰু যাত্ৰীসকলে আদায় দিব লাগে ১০ টকাৰ পৰা 30 টকা পৰ্যন্ত ।

Conclusion: কেৱল নিৰ্বাচনৰ সময়ত ভোট বিচাৰি আহিবলৈ সম‌য় ওলোৱা সমষ্টিৰ বিধায়ক ভূবন পেগুকো তীব্ৰ সমালোচনা কৰে স্থানীয় ৰাইজে ।সুদীৰ্ঘ কাল অঞ্চলটোৰ যাতায়তৰ বাবে পকী দলং অথবা কাঠৰ দলং এখন ব্যৱস্থা কৰিব নো,ৱাৰা চৰকাৰখনে ৰাজ্যৰ চোকে কোনে যাতায়তৰ সূচল ৰ ব্যৱস্থা কৰা , ডিজিটেল ইণ্ডিয়া কথা কোৱা চৰখাৰখনৰ পৰিৱৰ্তনৰ শ্লগান অসাৰ বুলি মন্তব্য কৰে স্থানীয় ভুক্তভোগী ৰাইজে ।

byte....1..+..2..with...ptc

pradunya Bharali . etv.Bharat .Assam.9/8/2019

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.