ETV Bharat / state

বগাহাতীত পৰিণত ২ নং ঐৰামঘাটৰ জল জীৱন আঁচনি

author img

By

Published : Apr 20, 2022, 1:03 PM IST

বগাহাতীত পৰিণত প্ৰধানমন্ত্ৰী মোডীৰ স্বপ্নৰ ‘‘জল জীৱন আঁচনি’’ (Jal Jeevan Mission in Assam) ৷ ব্যাপক দুৰ্নীতি আৰু অনিয়মেৰে জোনাইত চলি আছে জল জীৱন আঁচনিৰ কাম ৷ জোনাইৰ 2 নং ঐৰামঘাটত নিৰ্মীয়মান জল-জীৱন আঁচনিৰ পকী দেৱালয়ত মেলিছে এতিয়া চিৰাল ফাঁট ৷

Jal Jeevan Scheme at Jonai
বগাহাতীত পৰিণত জল জীৱন আঁচনি

জোনাই, 20 এপ্ৰিল : ৰাজ্য চৰকাৰে উন্নয়নৰ ঢাক-ঢোল বজাই থকাৰ মাজতে বিভিন্ন সময়ত পোহৰলৈ আহিছে দুৰ্নীতিৰ বিভিন্ন তথ্য ৷ বৰ্তমান ধোঁৱাচাঙত উঠিছে প্ৰধানমন্ত্ৰী মোডীৰ স্বপ্নৰ ‘‘জল জীৱন আঁচনি’’ (Jal Jeevan Mission in Assam) । এইবাৰ এই অভিযোগ উত্থাপন কৰিছে জোনাইবাসী ৰাইজে ৷

‘‘ঘৰ ঘৰ নল, হৰ ঘৰ নল’’ আদি শ্ল’গানসমূহ যেন বৰ্তমান এক প্ৰহসনতহে পৰিণত হৈছে জোনাইত (Poor implementation of Jal Jeevan Scheme at Jonai) । কিয়নো জোনাইবাসীয়ে অভিযোগ কৰা অনুসৰি, জোনাইৰ বিভিন্ন প্ৰান্তত জল জীৱন আঁচনি নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক দুর্নীতি-অনিয়ম ।

বগাহাতীত পৰিণত জল জীৱন আঁচনি

জোনাইৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ, জোনাই উপ সংমণ্ডলৰ অধীনত বিভিন্ন প্ৰান্তত কোটি কোটি টকাৰ ব্যয় সাপেক্ষে নির্মাণ কৰি থকা হৈছে জল জীৱন আঁচনিসমূহ ৷ কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যে, জোনাইৰ 2 নং ঐৰামঘাটত নিৰ্মীয়মান জল-জীৱন আঁচনিৰ পকী দেৱালয়ত মেলিছে এতিয়া চিৰাল ফাঁট ৷

লগতে পঢ়ক : Acute drinking water crisis: নদীৰ ঘোলা পানীৰে পিয়াহ গুচাইছে স্বৰ্গপুৰৰ ৰাইজে

উল্লেখ্য যে, এফালে পূর্ণ গতিত চলি আছে আঁচনিখনৰ নিৰ্মাণৰ কাম, আনফালে আঁচনিখনৰ পকী দেৱালত আৰম্ভ কৰিছে ফাঁট মেলিবলৈ । ৰাইজৰ অভিযোগ অনুসৰি কামটোৰ দায়িত্বত থকা ঠিকাদাৰে বিভাগটোৰ একাংশ বিষয়া-অভিযন্তাৰ সৈতে গোপন বুজাবুজিৰে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি আঁচনিখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে ৷

যাৰ ফলতেই দেৱাল নিৰ্মাণৰ এমাহ নৌহওঁতেই পকী দেৱালত মেলিছে ফাঁট ৷ এইক্ষেত্ৰত কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ এই অভিযোগ জোনাইৰ ২ নং ঐৰামঘাটবাসীৰ ৷ সেয়ে বিভাগীয় কৰ্তৃপক্ষক এনে দুর্নীতি তথা অনিয়মৰ বিৰুদ্ধে কঠোৰ হোৱাৰ লগতে দোষীক উচিত শাস্তি বিহিবলৈ দাবী জনাইছে ঐৰামঘাটবাসীয়ে ।

লগতে পঢ়ক : আছে আঁচনি, নাই জল : প্ৰহসনত প্ৰধানমন্ত্ৰীৰ স্বপ্নৰ জল জীৱন আঁচনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.