ETV Bharat / state

চিকিৎসালয়ত নাই চিকিৎসক-ঔষধ: যমৰ যাতনা ভুগিছে জোনাইৰ সাধাৰণ ৰাইজে

author img

By

Published : Oct 7, 2022, 8:44 PM IST

উন্নয়ন ! এজন চিকিৎসকৰে চলিছে ৩০ খন বিচনাযুক্ত চিকিৎসালয় আৰু জোনাই খণ্ড প্ৰাথমিক চিকিৎসালয় ৷ ফলত ওচৰতে এটা চৰকাৰী স্বাস্থ্যকেন্দ্ৰ (Government Primary Health Center) থকাৰ পিছতো চিকিৎসক, ঔষধৰ অভাৱত গাঁঠিৰ ধন ভাঙি ৰোগীসকল অন্য ঠাইলৈ চিকিৎসাৰ বাবে আহিবলগা হয় ৷

poor-conditions-of-medical-services-at-jonai
চিকিৎসালয় আছে, নাই চিকিৎসক, ঔষধ : যমৰ যাতনা ভুগিছে সাধাৰণ ৰাইজে !

জোনাই, ৭ অক্টোবৰ: মাজুলী গড়মূৰ জিলা চিকিৎসালয়ৰ (Garmur Civil Hospital) ফোঁপোলা স্বৰূপ মাৰ নৌযাওঁতেই এইবাৰ পোহৰলৈ আহিছে জোনাই মহকুমা স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ । জোনাইৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয় আৰু জোনাই খণ্ড প্ৰাথমিক চিকিৎসালয় দুখনৰ পয়াঁলগা দৃশ্যই পুনৰবাৰ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ উদঙাইছে (Devastated form of Jania State dispensary) ।

বৃহত্তৰ জোনাই মহকুমা অন্তৰ্গত দুখন চিকিৎসলয়ত দীৰ্ঘদিনৰ পৰা মাত্ৰ এজন চিকিৎসকেৰে চলি আহিছে চিকিৎসা সেৱা (Shortage of doctors at Jonai Civil Hospital) । যাৰ ফলত ৰোগীয়ে ঘণ্টা ঘণ্টা ধৰি শাৰী পাতি ৰৈ থাকিবলগীয়া হয় । এখন চিকিৎসালয়ত অতি কমেও ১০ জন চিকিৎসক থাকিব লাগে যদিও দুটা বিভাগৰ চিকিৎসকেৰে তিনিটা খণ্ডৰ চিকিৎসা সেৱা কৰি আহিছে জোনাইৰ চিকিৎসকসকলে ।

ইয়াৰ উপৰিও উন্নয়নৰ ডাক-ঢোল বজোৱা চৰকাৰখনে চিকিৎসালয় দুখনত সাধাৰণ পানীলগা জ্বৰৰ ঔষধ যোগান ধৰাৰ বাহিৰে নাই কোনো উন্নতমানৰ ঔষধ পাতি তথা চিকিৎসা সেৱাৰ যন্ত্ৰপাতি (Poor conditions of Medical services at Jonai) ।

যাৰ ফলত ওচৰতে এটা চৰকাৰী স্বাস্থ্যকেন্দ্ৰ (Government Primary Health Center) থকাৰ পিছতো চিকিৎসক, ঔষধৰ অভাৱত গাঁঠিৰ ধন ভাঙি ৰোগীসকল অন্যঠাইলৈ চিকিৎসাৰ বাবে আহিবলগা হয় ৷ ইফালে জোনাই মহকুমা স্বাস্থ্য বিষয়া তথা স্ত্ৰী ৰোগৰ চিকিৎসক ডাঃ কিশোৰ কুমাৰ কামানক মাজুলীলৈ বদলিকৰণ কৰাত জোনাইত স্বাস্থ্য বিভাগ আৰু অধিক শোচনীয় হোৱাৰ আশংকা কৰিছে জোনাই বাসীৰ ৰাইজে ।

গতিকে অতিশীঘ্ৰে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে জোনাইৰ দুখন চিকিৎসলয়ত পৰ্যন্ত পৰিমাণৰ চিকিৎসক তথা ঔষধ পাতি যোগান ধৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.