ETV Bharat / state

পথৰ একাঁঠু বোকাত ন-ভূঁই পাতিলে ৰাইজে - জনপ্ৰতিনিধি

জোনাইৰ এটা পথৰ অৱস্থা দেখিলে আপোনাৰ চকু কপালত উঠিব ৷ পথচোৱাত একাঁঠু বোকা ৷ এই বোকাতে যাতায়াত অব্যাহত ৰাখিছে দৈনিক শ শ লোকে ।

poor condition of a road in jonai
পথৰ একাঁঠু বোকাত ন-ভূঁই পাতিলে ৰাইজে
author img

By

Published : Jul 11, 2021, 10:42 AM IST

জোনাই, 11 জুলাই : পথ নে পথাৰ ধৰিব নোৱাৰা এটা পথ । জৰাজীৰ্ণ পথৰ একাঁঠু বোকাত যাতায়াত অব্যাহত ৰাখিছে দৈনিক প্ৰায় ৪ খনৰো অধিক গাঁৱৰ শ শ লোকে । ধেমাজি জিলাৰ জোনাইৰ অন্তৰ্গত এটা অঞ্চলৰ পথৰ দুৰৱস্থাই জলা-কলা খুৱাইছে সাধাৰণ ৰাইজক ৷

জোনাইৰ ৰাজাখানা গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং চিৰামপুৰীয়াৰ গড়কাপ্তানী পথৰ পৰা কাৰ্দংচুক বিজয়পুৰ সংযোগী পথটো এতিয়া যাতায়াতৰ বাবে অনুপযোগী হৈ পৰিছে ৷ কিয়নো পথটো নিৰ্মাণ তথা মেৰামতি কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে পথটোত এতিয়া একাঁঠু বোকাৰে ভৰি পৰিছে ৷ অঞ্চলটোৰ ৰাইজে গাড়ী, মটৰ চাইকেল, চাইকেলৰ কথাতো বাদেই খোজকাঢ়ি যাবলৈ দহবাৰ ভাবিবলগীয়া হয় ৷

পথৰ একাঁঠু বোকাত ন-ভূঁই পাতিলে ৰাইজে

উল্লেখ্য যে, ১০৮, ১০২ জৰুৰীকালীন সেৱা আহিব নোৱাৰাত অঞ্চলটোৰ ৰাইজে ৰোগীক চিকিৎসালয়লৈ নিবলৈ হ'লে ভাৰ বান্ধি অথবা বোকোচাত বান্ধি নিয়াৰ বাদে নোহোৱা হৈছে কোনো বিকল্প ব্যৱস্থা ।

নিৰ্বাচনৰ সময়ত ৰাজনৈতিক নেতাসকলে পথটো নিৰ্মাণ তথা মেৰামতি কৰাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও সেই প্ৰতিশ্ৰুতি কাৰ্যত পৰিণতহে নহয় বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ ভুক্তভোগী ৰাইজে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় জনপ্ৰতিনিধিক পথটোৰ দুৰৱস্থাৰ কথা অৱগত কৰিছিল ৷ কিন্তু পথটো নিৰ্মাণ তথা মেৰামতিৰ ক্ষেত্ৰত আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ গতিকে ২ নং চিৰামপুৰীয়া গড়কাপ্তানী পথৰ পৰা কাদংচুক বিজয়পুৰ সংযোগী পথটো শীঘ্ৰে মেৰামতি কৰি দিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনাইছে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক: মৰিগাঁও ধৰ্ষণ আৰু হত্যাৰ গোচৰ: পাঠাক লৈ চৰজমিন তদন্ত আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.