ETV Bharat / state

ধেমাজিত পলিটেকনিকৰ অতিথি অংশকালীন প্ৰবক্তা সকলৰ অনিৰ্দিষ্টকালীন কৰ্ম বিৰতি - অতিথি অংশকালীন প্ৰবক্তা

ধেমাজি পলিটেকনিকৰ অতিথি অংশকালীন প্ৰবক্তাৰ দহ মাহে নাই দৰমহা ৷ আজিৰে পৰা অনিৰ্দিষ্টকালীন কৰ্ম বিৰতি পালন ৷

অনিৰ্দিষ্টকালীন কৰ্ম বিৰতি
author img

By

Published : Aug 26, 2019, 3:58 PM IST

ধেমাজি, 26 আগষ্টঃ সোমবাৰে ধেমাজিত পলিটেকনিকৰ অতিথি অংশকালীন প্ৰবক্তাসকলে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰে ৷ তেওঁলোকৰ অভিযোগ অনুসৰি 2014 চনত চিমেন চাপৰিত প্ৰতিষ্ঠা হোৱা আৰু 2017 চনৰ পহিলা আগষ্টৰ পৰা শিক্ষাবৰ্ষ আৰম্ভ কৰা ধেমাজি পলিটেকনিক কলেজত কৰ্মৰত 16 গৰাকী অতিথি অংশকালীন ঠিকাভিত্তিত প্ৰবক্তাই দহ মাহে দৰমহাৰ পৰা বঞ্চিত হৈ আহিছে ৷ সেয়ে প্ৰাপ্য দৰমহা আদায়ৰ দাবীত ৰাজ্যৰ 11 খন নতুন পলিটেকনিক শিক্ষানুষ্ঠানৰ লগতে ধেমাজি পলিটেকনিক কলেজৰ অতিথি অংশকালীন প্ৰবক্তা সকলেও আজিৰে পৰা কৰ্ম বিৰতি পালনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷

অনিৰ্দিষ্টকালীন কৰ্ম বিৰতি

এই কাৰ্যসূচী অনিৰ্দিষ্টকালীন ভাৱে পালন কৰিব বুলি দৰমহা বঞ্চিত অতিথি তথা অংশকালীন প্ৰবক্তা সকলে জানিবলৈ দিয়ে | উল্লেখ্য যে 2017 চনৰ 1 এপ্ৰিলৰ পৰা সম্পূৰ্ণ চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি তেওঁলোকক কাৰিকৰী শিক্ষা সঞ্চালকালয়ে মাহিলি 25,000 টকাৰ পাৰিতোষিক দিয়া হৈছিল ৷ কিন্তু 2017 চনৰ 6 এপ্ৰিলৰ পৰা আজিৰ তাৰিখলৈ প্ৰায় 2 বছৰ 5 মাহৰ কাৰ্যকালত তেওঁলোকে মুঠ 1 বছৰ 7 মাহৰ দৰমহা লাভ কৰিছে যদিও সেয়াও ছমাহৰ মূৰে মূৰেহে লাভ কৰিছে বুলি তেওঁলোকে অভিযোগ কৰে ৷ সেইদৰে বৰ্তমানেও প্ৰায় 10 মাহৰ দৰমহা অনাদায় হৈ থকা বুলি প্ৰবক্তাসকলে অভিযোগ উত্থাপন কৰিছে ৷ সেয়ে তেওঁলোকে দৰমহাৰ নিয়মীয়াকৰণ,অনাদায় দৰমহা আদায়,পদসমূহৰ উন্নীতকৰণ,তথা এ আই চিটি ইৰ নিৰিখত দৰমহা প্ৰদানৰ দাবী পূৰণ নকৰালৈকে কৰ্মবিৰতি কাৰ্যসূচী অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্য যে আটাইকেইখন শিক্ষানুষ্ঠানতেই বৰ্তমান অতিথি তথা অংশকালীন প্ৰবক্তাই পাঠদান কৰি আহিছে ৷ এনে সময়তে প্ৰবক্তা সকলে আজিৰ পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰাত শিক্ষানুষ্ঠান কেইখনত পাঠদান ব্যাহত হোৱাটো নিশ্চিত হৈ পৰিছে ৷

Intro:nullBody:

ধেমাজি পলিটেকনিকৰ অতিথি  অংশকালীন প্ৰবক্তাৰ দহ মাহে নাই দৰমহা/ আজিৰে পৰা অনিৰ্দিষ্টকালীন কৰ্ম বিৰতি পালন

জোনাই ২৬ আগষ্ট

২০১৪ চনত চিমেন চাপৰিত প্ৰতিষ্ঠা হোৱা আৰু ২০১৭ চনৰ পহিলা আগষ্টৰ পৰা শিক্ষাবৰ্ষ আৰম্ভ কৰা ধেমাজি পলিটেকনিক কলেজত কৰ্মৰত ১৬ গৰাকী  অতিথি অংশকালীন ঠিকাভিত্তিত প্ৰবক্তাৰ দহ মাহে  দৰমহাৰ পৰা বঞ্চিত হৈ আহিছে | প্ৰাপ্য দৰমহা আদায়ৰ দাবীত  ৰাজ্যৰ ১১ খন নতুন পলিটেকনিক শিক্ষানুষ্ঠানৰ  লগতে ধেমাজি পলিটেকনিক কলেজৰ অতিথি অংশকালীন প্ৰবক্তা সকলেও আজিৰে পৰা কৰ্ম বিৰতি পালনৰ কাৰ্য্যসুচী ৰূপায়ণ কৰিছে | এই কাৰ্য্যসুচী অনিৰ্দিষ্টকালী ভাৱে পালন কৰিব বুলি দৰমহা বঞ্চিত অতিথি তথা অংশকালীন প্ৰবক্তা সকলে জানিবলৈ দিছে| উল্লেখ্য যে ২০১৭ চনৰ ১ এপ্ৰিলৰ পৰা সম্পূৰ্ণ চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি তেওঁলোকক কাৰিকৰী শিক্ষা সঞ্চালকয়ে মাহিলি ২৫,০০০ টকাৰ পৰিতোষিকৰ বিনিময় দিছিল | ২০১৭ চনৰ ৬ এপ্ৰিলৰ পৰা আজিৰ তাৰিখলৈ প্ৰায় ২ বছৰ ৫ মাহৰ কাৰ্যকালত মুঠ ১ বছৰ ৭ মাহৰ দৰমহা লাভ কৰিছে যদিও সেয়াও ছমাহৰ মূৰে মূৰেহে লাভ কৰিছে | সেইদৰে বৰ্তমানেও প্ৰায় ১০ মাহৰ দৰমহা অনাদায় হৈ থকা বুলি প্ৰবক্তা সকলে অভিযোগ উত্থাপন কৰিছে |  দৰমহাৰ নিয়মীয়াকৰণ, অনাদায় দৰমহা আদায়, পদসমূহৰ উন্নতিকৰণ, তথা এ আই চি টি ইৰ নিৰিখত দৰমহা প্ৰদানৰ দাবী পূৰণ নকৰালৈকে কৰ্মবিৰতি কাৰ্যসুচী অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে | উল্লেখ্য যে আটাইকেইখন শিক্ষানুষ্ঠানতেই বৰ্তমান অতিথি তথা অংশকালীন প্ৰবক্তাই পাঠদান কৰি আহিছে | এনে সময়তে প্ৰবক্তা সকলে আজিৰ পৰা অনিৰ্দিষ্টকালী কৰ্মবিৰতি কাৰ্যসুচী ফলন কৰাত শিক্ষানুষ্ঠান কেইখনত পাঠদান ব্যাহত হোৱাটো নিশ্চিত হৈ পৰিছে |

কৰবী দলে জোনাই

Conclusion:null
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.