ETV Bharat / state

কিশোৰীক এবছৰে ধৰ্ষণ কৰি ৰঙাঘৰৰ আলহী দুই

ধেমাজিৰ চমকঙত এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক এবছৰে ধৰ্ষণ আৰু মানসিক নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী দুই লম্পট ৷ ভুক্তভোগী ছাত্ৰীগৰাকীক বিভিন্ন প্ৰলোভনেৰে নিজৰ অসৎ স্বাৰ্থ চৰিতাৰ্থ কৰি আহিছিল দুই অভিযুক্তই ৷ ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে দুয়োকে(Police arrested 2 rape accused under POCSO act) ৷

author img

By

Published : Jul 11, 2022, 8:07 PM IST

police-arrested-2-rape-accused-under-pocso-act
কিশোৰীক এবছৰে ধৰ্ষণ কৰি ৰঙাঘৰৰ আলহী দুই

জোনাই 11 জুলাই: ধেমাজি জিলাৰ চিমেন চাপৰি আৰক্ষী থানাৰ চমকঙত সংঘটিত হৈছে নিকৃষ্ট ধৰ্ষণ কাৰ্য । চমকং পাগৰ' গাঁৱৰ এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক বিগত এবছৰে ধৰ্ষণ আৰু মানসিক নিৰ্যাতন চলাই আহিছে একেখন গাঁৱৰে নিবাসী আৰু একেখন শিক্ষানুষ্ঠানখনৰ উচ্চ বৰ্গৰ সহায়ক লমেশ্বৰ দলে আৰু একেখন গাঁৱৰে জগদীশ পেগুয়ে(৩৯) । ভুক্তভোগী ছাত্ৰীগৰাকীৰ অভিযোগ অনুসৰি, লমেশ্বৰ দলেয়ে বিভিন্ন প্ৰলোভনেৰে আৰু জগদীশ পেগুৰ সহযোগত তেওঁক অসৎ স্বাৰ্থ চৰিতাৰ্থ কৰি আহিছে ৷

আনহাতে দুয়োটা লম্পটে নিৰ্যাতিতাগৰাকীক এই কথা কাকো নক’বলৈ সময়ে সময়ে ভাবুকি দি আহিছে ৷ ভুক্তভোগী ছাত্ৰীগৰাকীয়ে এই কথা ঘৰত অৱগত কৰিলে ছাত্ৰীগৰাকীৰ লগতে মাক-দেউতাককো হত্যা কৰাৰ ভাবুকি দি আহিছে । উপায়ন্তৰ হৈ ছাত্ৰীগৰাকীয়ে আত্মহননৰ পথো বাছি লৈছিল যদিও সৌভাগ্যক্ৰমে ৰক্ষা পৰে । পৰিয়ালৰ লোকৰ সন্দেহ হোৱাত ভুক্তভোগীগৰাকীক সোধপোছ কৰাত আচল কথা ওলাই পৰে ৷

ইফালে দুই লম্পটে পাঁচমাহ পূৰ্বে চিমেনমুখ ৰাজ্যিক চিকিৎসালয়ৰ ফাৰ্মাচিষ্ট ৰঞ্জিত দলেৰ বাসগৃহত অবৈধভাৱে কৰোৱাইছিল গৰ্ভপাত ৷ ছাত্ৰীগৰাকীৰ পৰা সকলো কথা জানিব পাৰি দেওবাৰে তেওঁৰ পিতৃয়ে থানাত এক এজাহাৰ দাখিল কৰে ৷ এজাহাৰৰ ভিত্তিত দেওবাৰে নিশা দুয়োটা লম্পটক আৰক্ষীয়ে নিজ নিজ বাসগৃহৰ পৰা আটক কৰে(Rape accused Arrested in Jonai) ৷ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ নং 27/22,376/506/313/34,6 of POCSO Act ৰ অধীনত দুয়োকে জোনাই মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱাই জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে(Police arrested 2 rape accused under POCSO act) ৷

লগতে পঢ়ক : Child marriage in Maharashtra: অভিভাৱকে বলপূৰ্বক বিবাহ পাশত আৱদ্ধ কৰালে কিশোৰীক

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.