ETV Bharat / state

Pathetic condition of govt schools: আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰৰ জৰাজীৰ্ণ কোঠাতে পাঠদান

author img

By

Published : Dec 8, 2022, 1:54 PM IST

ধেমাজি জিলাৰ জোনাইৰ মূৰ্কংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত কেইবাখনো চৰকাৰী বিদ্যালয়ত এতিয়া জৰাজীৰ্ণ কোঠাতে শিক্ষকে পাঠদান কৰিবলগীয়া হৈছে (Pathetic condition of government schools) ৷ জিলাখনৰ আন বিদ্যালয়ৰ লগতে তেলামস্থিত শংকৰদেৱ আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰত খোৱাপানীৰ অভাৱৰ লগতে পৰ্যাপ্ত পৰিমাণে নাই ডেস্ক-বেঞ্চ ।

Pathetic condition of govt schools
আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰৰ জৰাজীৰ্ণ কোঠাতে পাঠদান

জোনাই ,৮ ডিচেম্বৰ: ৰাজ্যত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ জয়জয়কাৰৰ বিপৰীতে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ শোচনীয় অৱস্থা এতিয়া আৰু নতুন কথা হৈ থকা নাই (Pathetic condition of Assam govt education sector) ৷ চৰকাৰে ৰাজ্যখনৰ প্ৰতিটো খণ্ডৰ উন্নয়ন হোৱা বুলি সততে দাবী কৰি অহাৰ বিপৰীতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গৃহ জিলা ধেমাজিতে উন্মোচিত হৈছে শিক্ষাখণ্ডৰ উন্নয়নৰ এক পুতৌ লগা ছবি (Education minister Dr Ranoj Pegu) ৷ গুণোৎসৱকে (Assam Gunotsav) ধৰি চৰকাৰী শিক্ষাখণ্ডৰ উন্নয়নৰ হকে বিভিন্ন আঁচনি যুগুত কৰি অহা চৰকাৰখনৰ দিনতে গোহালি সদৃশ পৰিবেশত শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷

ধেমাজিৰ আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰৰ এনে জৰাজীৰ্ণ অৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নত বিৰূপ প্ৰভাৱ পৰিছে (Dilapidated Residential Training Centre) ৷ জিলাখনৰ জোনাই মহকুমাৰ মূৰ্কংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত তেলামস্থিত শংকৰদেৱ আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰৰ দুৰৱস্থাই ৰাইজক চিন্তিত কৰিছে (Shankardev Residential Training Centre)। শিক্ষয়িত্ৰীসকলে ভঙা পঁজাতে পাঠদান কৰি আহিছে কণ কণ ছাত্ৰ-ছাত্ৰীক । এই কেন্দ্ৰটোত নাই চকী টেবুল, ব্লেক ব'ৰ্ড । ৰাস্তাৰ পৰা বুটলি অনা চাইন ব'ৰ্ড এখনেৰে ঢাকি কোনোমতে পাঠদান চলাই আহিছে কণ কণ ছাত্ৰ-ছাত্ৰীসকলক ।

জোনাইৰ শংকৰদেৱ আৱাসিক প্ৰশিক্ষণ কেন্দ্ৰটো গোহালি সদৃশ হোৱাত ৰাইজে আশ্চৰ্য্য় প্ৰকাশ কৰিছে । এক কদৰ্যময় পৰিৱেশত ছাত্ৰ-ছাত্ৰীসকলে পাঠগ্ৰহণ কৰিবলগীয়া হৈছে । এই কেন্দ্ৰটোত ছাত্ৰ আৱাসৰ লগতে আছে শিক্ষয়িত্ৰীৰ আৱাস । কিন্তু নাই শৌচালয় আৰু প্ৰস্ৰাৱগাৰ । মুকলি আকাশৰ তলতে ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষয়িত্ৰীসকলে গা ধুব লগীয়া হয় । ইফালে, আৱাসটোৰ চিলিঙৰ অৱস্থাও তথৈৱচ । যিকোনো মূহুৰ্তত চিলিং ভাঙি ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে । এই ক্ষেত্ৰত বাৰে বাৰে জিলা শিক্ষা বিষয়াৰ লগতে উৰ্দ্ধতম কৰ্তৃপক্ষক জনোৱাৰ পিছতো কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী শিক্ষয়িত্ৰীসকলে ।

খোদ অসমৰ শিক্ষামন্ত্ৰীগৰাকীৰ গৃহ জিলাতে শিক্ষাখণ্ডৰ এনে দুৰৱস্থাই শিক্ষা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপটোকে পুনৰ এবাৰ উদঙাই দেখুৱাইছে । কিন্তু সততে প্ৰতিটো ক্ষেত্ৰতে উন্নয়ন দাবী কৰা বিজেপি শাসিত চৰকাৰখনে শিক্ষাখণ্ডৰ এনে জৰাজীৰ্ণ অৱস্থাৰ বিষয়টো কেনেধৰণে গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় ৷

লগতে পঢ়ক:Tinsukia Student leader death: ক্ৰেছাৰ মেচিনত সোমাই প্ৰাক্তন ছাত্ৰনেতাৰ ৰহস্যজনক মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.