ETV Bharat / state

Pathetic condition of government schools: জোনাইৰ বহুকেইখন বিদ্যালয়ত জৰাজীৰ্ণ কোঠাতে চলিছে পাঠদান

author img

By

Published : Nov 1, 2022, 11:53 AM IST

ধেমাজি জিলাৰ জোনাইৰ মূৰ্কংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত কেবাখনো চৰকাৰী বিদ্যালয়ত এতিয়া জৰাজীৰ্ণ কোঠাতে শিক্ষকে পাঠদান কৰিবলগীয়া হৈছে (Pathetic condition of government schools) ৷ জোনাইৰ ২নং বেৰা মাজগাঁও প্ৰাথমিক বিদ্যালয়, বেৰা মাজগাঁও প্ৰাথমিক বিদ্যালয়, চৌৰাংশী বড়ো প্ৰাথমিক বিদ্যালয় আৰু নলিনি পাম প্ৰাথমিক বিদ্যালয়ত নাই কোনো শৈক্ষিক আন্তঃগাথঁনি । খোৱাপানীৰ অভাৱ, পৰ্যাপ্ত পৰিমাণৰ ডেস্ক-বেঞ্চৰ অভাৱৰ লগতে উল্লেখিত বিদ্যালয়সমূহত অভাৱ প্ৰয়োজনীয় বিষয় শিক্ষকৰো ৷

Pathetic condition of govt school in jonai
জোনাইৰ বহুকেইখন বিদ্যালয়ত জৰাজীৰ্ণ কোঠাতে চলিছে পাঠদান

জোনাই 1 নৱেম্বৰ: ৰাজ্যত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ জয়জয়কাৰৰ বিপৰীতে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ শোচনীয় অৱস্থা এতিয়া আৰু নতুন কথা হৈ থকা নাই(Pathetic condition of Assam govt education sector)৷ বিজেপি শাসিত চৰকাৰখনে ৰাজ্যৰ প্ৰতিটো খণ্ডৰ উন্নয়ন হোৱা বুলি সততে দাবী কৰি অহাৰ বিপৰীতে ৰাজ্যৰ শিক্ষামন্ত্ৰী ড৹ ৰনোজ পেগুৰ গৃহ জিলা ধেমাজিতে উন্মোচিত হৈছে শিক্ষাখণ্ডৰ উন্নয়নৰ এক পুতৌ লগা ছবি(Education minister Dr Ranoj Pegu)৷ গুণোৎসৱকে (Assam Gunotsav)ধৰি চৰকাৰী শিক্ষাখণ্ডৰ উন্নয়নৰ হকে বিভিন্ন আঁচনি যুগুত কৰি অহা চৰকাৰখনৰ দিনতে গোহালি সদৃশ পৰিবেশত শিক্ষাৰ্থীয়ে শিক্ষাগ্ৰহণ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷

ধেমাজি জিলাৰ জোনাইৰ মূৰ্কংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত কেবাখনো চৰকাৰী বিদ্যালয়ত এতিয়া জৰাজীৰ্ণ কোঠাতে শিক্ষকে পাঠদান কৰিবলগীয়া হৈছে ৷ জোনাইৰ ২নং বেৰা মাজগাঁও প্ৰাথমিক বিদ্যালয়, বেৰা মাজগাঁও প্ৰাথমিক বিদ্যালয়, চৌৰাংশী বড়ো প্ৰাথমিক বিদ্যালয় আৰু নলিনি পাম প্ৰাথমিক বিদ্যালয়ত নাই কোনো শৈক্ষিক আন্তঃগাথঁনি । খোৱাপানীৰ অভাৱ, পৰ্যাপ্ত পৰিমাণৰ ডেস্ক-বেঞ্চৰ অভাৱৰ লগতে উল্লেখিত বিদ্যালয়সমূহত অভাৱ প্ৰয়োজনীয় বিষয় শিক্ষকৰো ৷

বছৰৰ পাছত বছৰ ধৰি উল্লেখিত বিদ্যালয়সমূহত এনেদৰেই একাংশ শিক্ষকে যথেষ্ট কষ্ট স্বীকাৰ কৰি স্থানীয় ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ বাবে চলাই গৈছে নিৰলস প্ৰচেষ্ঠা ৷ উল্লেখ্য যে, ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ সীমান্তৰ চেৰেং চিৰি গাঁৱৰ চৌৰাংশ্ৰী বড়ো প্ৰাথমিক বিদ্যালয়ত প্ৰায় তিনিটা বছৰে অসমীয়া মাধ্যমৰ শিক্ষকৰ দ্বাৰাই চলি আহিছে পাঠদান ; যিয়ে ব্যাঘাত জন্মোৱা পৰিলক্ষিত হৈছে বড়ো মাধ্যমৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক জীৱনত (no basic amenities in school)৷ ভিতৰুৱা অঞ্চলসমূহৰ শিক্ষাখণ্ডৰ এনে শোচনীয় অৱস্থা দেখি অহাৰ পাছতো ৰাজ্য চৰকাৰ তথা শিক্ষা দপ্তৰে নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷

খোদ অসমৰ শিক্ষামন্ত্ৰীগৰাকীৰ গৃহ জিলাতে শিক্ষাখণ্ডৰ এনে দুৰৱস্থাই শিক্ষা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপটোকে পুনৰ এবাৰ উদঙাই দেখুৱাইছে । কিন্তু সততে প্ৰতিটো ক্ষেত্ৰতে উন্নয়ন দাবী কৰা বিজেপি শাসিত চৰকাৰখনে শিক্ষাখণ্ডৰ এনে জৰাজীৰ্ণ অৱস্থাৰ বিষয়টো কেনেধৰণে গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় ৷

লগতে পঢ়ক: Citizenship Amendment Act: উত্তৰ পূৰ্বাঞ্চলবাসীয়ে কেতিয়াও ’কা’ মানি নলয়: সদৌ অসম ছাত্ৰ সন্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.