ধেমাজি , 26, জুলাই : দিছপুৰৰ পৰাই চলিছে ধেমাজি জিলা গ্ৰন্থাগাৰৰ কাম-কাজ ৷ অসম্ভৱ যেন লাগিলেও কাৰ্যত সেয়াই সম্ভৱ ৷ এবছৰে মূৰব্বীবিহীন ভাৱে চলি থকা ধেমাজি জিলা গ্ৰন্থাগাৰৰ কাম-কাজ দিছপুৰৰ চকীত বহিয়েই চলাইছে এগৰাকী বিষয়াই । ধেমাজি জিলা গ্ৰন্থাগাৰিক বিষয়া ৰুমী গোস্বামীয়ে দিছপুৰৰ পৰাই চম্ভালে কাম-কাজ । এই সন্দৰ্ভত কাৰ্যালয়টোত কৰ্মৰত এগৰাকী মহিলা কৰ্মচাৰীয়ে জনাই যে - বৰ্তমান তিনিগৰাকী মহিলা কৰ্মচাৰীয়ে চলায় আছে কাৰ্যালয়টোৰ কাম-কাজ । মুখ্য কাৰ্যালয়লৈ বদলি হৈ যোৱা এবছৰ হোৱা গ্ৰন্থাগাৰিকাগৰাকীয়ে কেতিয়াবা কেতিয়াবা আহে ধেমাজিৰ কাৰ্যালয়লৈ ।
ইপিনে কাৰ্যালয়টোত কম্পিউটাৰ অপাৰেটৰ কোঠা, চকী টেবুল থকাৰ পিছতো নাই নাই কম্পিউটাৰ অপাৰেটৰ । বিকল কম্পিউটাৰ যন্ত্ৰাংশ । ফলত সকলো কাম কৰিবলগীয়া হয় বাহিৰত ।এনেদৰেই চলিছে ধেমাজি জিলা গ্ৰন্থাগাৰৰ কাম-কাজ ৷