জোনাই,২৫ ফেব্ৰুৱাৰী: বৃস্পতিবাৰে পুৱা প্ৰায় ৭.২৫ বজাত মূৰ্কংচেলেকত সংঘটিত হয় এক দুৰ্ঘটনা ৷ ৰঙিয়া অভিমুখী যাত্ৰীবাহী ৰে'লে চিমেন চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত বিবাৰীৰ সমীপৰ চেৰেণত এখন চাৰিচকীয়া বাহনক মহটীয়াই নিয়ে। অৰুণাচল প্ৰদেশৰ অল্ড ডেকা গাঁৱৰ বামু ৰিবা নামৰ ব্যক্তিজনে নিজৰ AR-01L-8804 নম্বৰৰ ডাষ্টাৰ গাড়ীখনেৰে অৰুণাচল প্ৰদেশৰ চেৰেণ গাঁৱলৈ বুলি গৈ থকাৰ অৱস্থাত ৰে'ল লাইন অতিক্ৰম কৰিবলৈ লওঁতে যাত্ৰীবাহী ৰেলখনে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে বাহনখনক ।
ৰে'লৰ খুন্দাত বাহনখন প্ৰায় দহ মিটাৰ নিলগত ওফৰি পৰে। সংকটজনক অৱস্থাত বাহনখনৰ চালক বামু ৰিবাক ততাতৈয়াকৈ ডিব্ৰুগড় চিকিৎসালয়লৈ নিয়া হয় । উল্লেখ্য যে, বামু ৰিবাই কাণত হেডফোন লগাই গাড়ী চলোৱাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হয় যদিও চেৰেণৰ ৰে'ল ক্ৰচিঙত ৰে'ল গেট নথকাৰ ফলতেই এনে ঘটনা সংঘটিত হ’বলৈ পোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ।
লগতে পঢ়ক: অৰুণাচলত অসমীয়া যুৱকক শাৰিৰীক নিৰ্যাতন