ETV Bharat / state

পথাৰত শুৰ পোকৰ তাণ্ডৱ : চহা কৃষকে জুৰিছে কাকূতি ঘোষা

author img

By

Published : Sep 2, 2019, 7:07 PM IST

জোনাই মহকুমাৰ চিগা মিচিং অঞ্চলত শুৰ পোকৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে ৰাইজ ৷ প্ৰায় 80 শতাংশ ধাননি শুৰ পোকে নষ্ট কৰাৰ পাচতো ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কৃষি বিভাগে ৷

পথাৰত শুৰ পোকৰ তাণ্ডৱ

জোনাই, ছেপ্তেম্বৰ 02 : ধাননিৰ মাজত আঁঠু লৈছে একাংশ গঞাই ৷ উদ্দেশ্য নেদেখাজনৰ আৰ্শীবাদ লোৱা ৷ ধূপ-চাকি জ্বলাই নৈবেদ্য আগবঢ়াই কৰিছে জুৰিছে কাকূতি ঘোষা ৷ কাৰণ অসাৰ হৈ পৰি বিজ্ঞান-প্ৰযুক্তি ৷ সাধাৰণতে লক্ষ্মী পূজা অথবা কাতি বিহুতহে এনেদৰে পথাৰত চাকি জ্বলোৱা দেখা যায় ৷ কিন্তু আবতৰত এইদৰে ধাননি পথাৰত সেৱ ল'বলৈ বাধ্য এইসকল গঞা ৷

জোনাই মহকুমাৰ চিগা মিচিং অঞ্চলত শুৰ পোকৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে ৰাইজ ৷ সেয়ে এইসকল লোকে পথাৰৰ মাজত অদৃষ্ট জনলৈ সেৱা আগবঢ়াই নৈবেদ্য আগবঢ়োৱাৰ লগতে সমূহীয়াকৈ পান কৰে কানি ৷ বানৰ পিচত চহা ৰাইজে পেটৰ ভাত মুঠি মোকলাবলৈ কঁপালৰ ঘাম মাটিত পেলাই কৰা ধান খেতি এফালৰ পৰা নষ্ট কৰিছে শুৰ, চৰহা আদি পোকে ৷ প্ৰায় 80 শতাংশ ধাননি শুৰ পোকে নষ্ট কৰাৰ পাচতো ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কৃষি বিভাগে ৷ স্থানীয় কৃষক ৰাইজে কৃষি বিভাগক অতি শীঘ্ৰে পথাৰ সমূহ পৰিদৰ্শন কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় ৷

চহা কৃষকে জুৰিছে কাকূতি ঘোষা

Intro:Body:ধেমাজিত বান খহনীয়াৰ পিছত এইবাৰ শুৰ পোকে/ শ শ হেক্টৰ ধাননি পথাৰ বিনষ্ট কৰিছে হাহাকাৰ সৃষ্টি হৈছে ৰাইজৰ মাজত / ৰাইজে শুৰ পোকৰ পৰা পৰিত্ৰাণ বিচাৰি পথাৰতে পাতিলে পূজা

জোনাই ২ ছেপ্টেম্বৰ
বানৰ পিছত এইবাৰ শুৰ পোক, চৰহা পোকৰ তাণ্ডৱ। চৰহা পোকৰ গ্ৰাসত পৰিছে ধেমাজি জিলাৰ শ শ  হেক্টৰ ধাননি পথাৰ। ইফালে, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধেমাজিৰ, জোনাইতো শুৰ পোকে নিঃশেষ কৰিছে সেউজীয়া ধাননি। কিন্তু এই পৰ্যন্ত ৰাজ্য চৰকাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।
জোনাই মহকুমাৰ চিগা মিচিং অঞ্চলত শুৰ পোকৰ উৎপাতত অতিষ্ঠ হৈ পৰিছে সেয়ে শুৰ পোকৰ উৎপাতৰ পৰা পৰিত্ৰাণ বিচাৰি কৃষক ৰাইজে পথাৰতে নেদেখা জনৰ ওচৰত নিজৰ পৰম্পৰাগত নিয়মেৰে আগবঢ়ালে কানি পান  পূজা  চিগা মিচিং অঞ্চলৰ এইসকল ৰাইজে এনেদৰে পথাৰৰ সোঁমাজত একেলগে গোট খাই কানি পান পূজা আগ বঢ়াই শুৰ পোকৰ পৰা পৰিত্ৰাণ বিচাৰাৰ লগতে নেদেখা জনৰ ওচৰত মংগল কামনা কৰে | ৰাইজৰ মতে পথাৰত এনেদৰে বাগান্ধী পোকে খাই অনিষ্ঠ কৰিলে পথাৰৰ ডাঙৰীয়া দেৱতাৰ নামত কানি পান পূজা কৰাতো এক পৰম্পৰা |
উল্লেখ্য যে ধেমাজি জিলাৰ ৮০ শতাংশ খেতিয়কৰ পথাৰতে দেখা গৈছে শুৰ পোক| খাই তহিলং কৰিছে বহু খেতিয়কৰ পথাৰৰ গেৰ ধৰা সেউজীয়া ধাননি |  খেতিয়ক ৰাইজে ধেমাজি জিলা আৰু জোনাই কৃষি বিভাগক পৰিদৰ্শন কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে |

কৰবী দলে জোনাই
Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.