ETV Bharat / state

Jonai police firing : লিকাবালি-মিলনপুৰত অসম আৰক্ষীৰ গুলীচালনা; আহত এটা চোৰ

author img

By

Published : May 11, 2023, 11:08 AM IST

অসম অৰুণাচল সীমান্তৰ লিকাবালি-মিলনপুৰ অসম আৰক্ষীৰ গুলীচালনা ৷ আৰক্ষীৰ গুলীত আহত এটা চোৰ (One person injured at jonai police firing) ৷ বৰ্তমানো পলাতক ধৃত চোৰটোৰ আন দুই সহযোগী ৷

Jonai police firing
অসম অৰুণাচল সীমান্তত গুলীচালনা
অসম অৰুণাচল সীমান্তত গুলীচালনা

জোনাই,১১ মে’ : ৰাজ্যত পুনৰ গৰজি উঠিছে অসম আৰক্ষীৰ বন্দুক । এইবাৰ ঘটনাৰ স্থান অসম অৰুণাচল সীমান্তৰ লিকাবালি-মিলনপুৰ ৷ বুধবাৰে মাজনিশা প্ৰায় ২:৩০ বজাত লিকাবালি-মিলনপুৰত আৰক্ষী আৰু এটা চোৰৰ দলৰ মাজত সংঘটিত হয় গুলীচালনাৰ ঘটনা । আৰক্ষীৰ এই গুলীত গুৰুতৰভাৱে আহত হয় লখিন্দ্ৰ বাছফৰ (২৮) নামৰ চোৰটো (One person injured at jonai police firing)৷

আৰক্ষীয়ে দিয়া তথ্য অনুসৰি, দহ দিন পূৰ্বে ধেমাজিৰ পৰা বগা ৰঙৰ নম্বৰ প্লেটবিহীন এখন এল্টো বাহন চুৰি কৰি নিছিল এটা চোৰৰ দলে ৷ তাৰ পাচত সেই বাহনখনৰ জৰিয়তে জিলাখনৰ কেইবাস্থানটো চুৰিকাৰ্য সংঘটিত কৰি আহিছিল দলটোৱে ৷ ইয়াৰে ভিতৰত বিগত এটা সপ্তাহত মুঠ ১৪ খন দোকানত চাফাই অভিযান চলাইছিল চোৰৰ দলটোৱে ৷

বিৱৰণি মতে, জোনাই সদৰ থানাৰ অন্তৰ্গত ৬ খন আৰু চিমেন চাপৰি আৰক্ষী থানাৰ ৮ খন দোকানত চলাইছিল চাফাই অভিযান (Many shops including pharmacy looted at Jonai) ৷ একপ্ৰকাৰে ধেমাজি তথা জোনাইবাসীৰ বাবে এক মূৰৰ কামোৰণি হৈ পৰিছিল এই চোৰৰ দলটো ৷ যোৱা নিশা অৰ্থাৎ বুধবাৰে নিশা জোনাইৰ পৰা চোৰৰ দলটোৱে চুৰি কৰি অসম-অৰুণাচল সীমান্তৰ চিলাপথাৰৰ মিলনপুৰ দিশে গৈ আছিল ৷

চিলাপথাৰ আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়া মুহিধৰ টায়েৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দল লিকাবালি মিলনপুৰত উপস্থিত হয় । কিন্তু আৰক্ষী অহাৰ উমান পাই উক্ত স্থানৰ পৰা পলায়নৰ চেষ্টা কৰে চোৰৰ দলটোৱে ৷ আনকি আৰক্ষীৰ হাতৰ পৰা সাৰিবলৈ চোৰৰ দলটোৱে আৰক্ষীৰ দলটোলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷

চোৰৰ দলটোৰ গুলীৰ প্ৰত্যুত্তৰত আৰক্ষীয়েও গুলীচালনা কৰে ৷ এটা সময়ত আৰক্ষীৰ গুলীয়ে ভেদি যায় অভিযুক্ত লখিন্দ্ৰ বাছফৰৰ ভৰি ৷ ফলত পলাবলৈ নোৱাৰা হৈ পৰে চোৰটো ৷ কিন্তু সুযোগ বুজি আৰক্ষীৰ নাকৰ তলৰ পৰা পলায়ন কৰে অন্য দুটা চোৰ ৷ বৰ্তমানো পলায়ন কৰা চোৰ দুটাৰ সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷

ইফালে আৰক্ষীৰ গুলীত আহত অভিযুক্ত চোৰ লখিন্দ্ৰ বাছফৰ (২৮)ক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰৰণ কৰিছে আৰক্ষীয়ে ৷ পূৰ্বৰ তুলনাত বৰ্তমান কিন্তু স্বাস্থ্য কিছু উন্নত হৈছে বুলি জানিব পৰা গৈছে ৷ ধৃত চোৰটোৰ পৰা আৰক্ষীয়ে ২ খন দা, ৰড, জিনচ্ পেন্ট ১৫ টা, ট্ৰেক পেন্ট ৬ টা, নগদ ১৩ হাজাৰ টকা আৰু এখন বগা ৰং এল্টো বাহন জব্দ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : Theft in Jonai: জোনাইত একে নিশাই 6 খন দোকানত চোৰৰ চাফাই অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.