জোনাই, 19 এপ্ৰিল : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাৰ চিলাপথাৰতো হয় প্ৰচণ্ড ধুমুহা আৰু বৰষুণ ৷ বুধবাৰে সন্ধিয়া হঠাতে অহা এজাক প্ৰচণ্ড বৰষুণ আৰু ধুমুহাৰ ফলত চিলাপথাৰৰ বিভিন্ন স্থানত বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰোপৰি, ঘৰৰ চালত গছ পৰি মৃত্যু হৈছে চিলা গাঁৱৰ অজিত বৈদ্য (৩৫) নামৰ এজন যুৱকৰ । ধাৰাষাৰ বৰষুণৰ সৈতে অহা তীব্ৰ বেগী ধুমুহাই তচ নচ কৰি থৈ গ'ল চিলাপথাৰৰ বহু পৰিয়ালৰ লগতে ঘৰ বাৰী (Heavy rain and hailstorm in Dhemaji) ।
প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ সৰ্বাধিক প্ৰভাৱ পৰিল চিলাপথাৰ অঞ্চলৰ বিভিন্ন গাঁৱত । বহু পৰিয়ালৰ ঘৰ বাৰী, মূল্যবান গছ গছনি ভাগি-উভালি বিধস্ত কৰিলে এই ধুমুহাই । বিদ্যুত পৰিবাহী তাঁৰৰ লগতে খুঁটা উভালি পৰাত চিলাপথাৰৰ লগতে জোনাইতো বিদ্যুত যোগান ব্যাহত হৈ পৰিছে । ইয়াৰ উপৰিও জোনাইতো লাইমেকুৰী অঞ্চলতো প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ (Heavy rain and hailstorm in Assam) ৷
গছ গছনি উভালি পৰাৰ লগতে কেবাটাও পৰিয়ালৰ ঘৰ ধুমুহাত ভাঙি-ছিঙি বিস্তৰ ক্ষতি সাধন হোৱা দেখিবলৈ পোৱা গৈছে ৷ চিলাপথাৰ জোনাই সংযোগী ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বৃহৎ বৃহৎ গছ ভাঙি পৰাত যাতায়ত সেৱা ব্যাহত হৈ পৰাৰ লগতে চিচিবৰ গাঁৱত এজোপা গছত বজ্ৰ পৰি জুইৰ সূত্ৰপাত ঘটে (Heavy damage caused by stormy rains in Dhemaji) ৷
ইফালে ভৈৰৱপুৰ নেতাজী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা বাঙালী ফেডাৰেচনৰ কেন্দ্ৰীয় অধিৱেশনৰ বাবে সাজু কৰি তোলা বৃহৎ ৰংগমঞ্চ আৰু তোৰণ সন্ধিয়া অহা ধুমুহাৰ ফলত সম্পূৰ্ণভাৱে তচ-নচ হৈ পৰিছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, বিগত দিনকেইটাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজুলী-ঢেৰেকণিৰে বৰষুণ অহা পৰিলক্ষিত হৈছে ৷ যিয়ে ৰাজ্যবাসীক উৎকট গৰমৰ পৰা সকাহ প্ৰদান কৰিছে যদিও ব্যাহত কৰি পেলাইছে ৰাজ্যবাসীৰ সাধাৰণ জীৱন-যাত্ৰা (Central Convention of Bengali Federation) ৷
লগতে পঢ়ক : Congress press meet : প্ৰমোদ বড়োৰ ছিণ্ডিকেটৰ অংশ পাই নেকি মুখ্যমন্ত্রীয়ে; সন্দেহ প্ৰদেশ কংগ্ৰেছৰ