ধেমাজি, 22 ছেপ্তেম্বৰঃ ধেমাজিত ৰাইজৰ সহযোগত আটাছুৱে বন্ধ কৰিলে 'ৱান ইণ্ডিয়া ফেমিলি শ্বপিং মাৰ্ট' ৷ পূজাৰ বতৰত গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ সংগঠনটোৰ ৱান ইণ্ডিয়া ফেমিলি শ্বপিং মলৰ বিৰুদ্ধে ৷
আগন্তুক শাৰদীয় পূজাৰ বতৰক লৈ বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠানবোৰে অৱলম্বন কৰিছে কেতবোৰ ন-ন কৌশল ৷ গ্ৰাহকক আকৰ্ষণ কৰাৰ বাবে শ্বপিং মল বোৰে অঘোষিত প্ৰতিযোগিতাত নামি পৰাৰ সময়তে ধেমাজি নগৰত নতুনকৈ আৰম্ভ কৰা ৱান ইণ্ডিয়া ফেমিলি মাৰ্ট নামৰ শ্বপিং মলৰ বিৰুদ্ধে গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ সদৌ তাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৱে শ্বপিং মলৰ বিৰুদ্ধে অভিযোগ কৰি কয় যে ,পূজাৰ বতৰত গ্ৰাহকক ৯৯৯ টকা বজাৰ কৰিলে ৫০০ টকা অফাৰ দিব বুলি প্ৰচাৰ কৰি প্ৰৱঞ্চনা কৰিছে গ্ৰাহকক ৷ গ্ৰাহকক অফাৰ দিয়াৰ বিপৰীতে মাত্ৰ কুপন একোখন দি প্ৰৱঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ ব্যৱসায়ীক প্ৰতিষ্ঠানটোৰ মুৰব্বী অথবা কৰ্মচাৰী সকলৰ বিৰুদ্ধে ৷ ব্যৱসায়ীক প্ৰতিষ্ঠানটোৰ এনে কু-কাৰ্য পোহৰলৈ অহাত ৰাইজৰ সহযোগত আটাছুৱে বন্ধ কৰি দিয়ে শ্বপিং মলটো ৷