ধেমাজি, 13 জুলাই : ৰাজ্যত এতিয়া বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ বানৰ কৱলত পৰা জিলা সমূহৰ ভিতৰত অন্যতম এখন জিলা হৈছে ধেমাজি জিলা ৷ কিন্তু ধেমাজিত এতিয়া বানৰ সমান্তৰালকৈ কালৰূপ ধাৰণ কৰিছে জাপানিজ এনকেফেলাইটিছে ৷
বাৰিষাৰ সময়ছোৱাত বিশেষকৈ জুন-জুলাই মাহত সৰ্বাধিক বৃদ্ধি পায় এনকেফেলাইটিছ সদৃশ আৰু জাপানিজ এনকেফেলেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ ৷ এইবছৰ মৃত্যুদূতৰূপী এনকেফেলাইটিছে জিলাখনত প্ৰাণ ল’লে তিনিজনৰ ৷ ইয়াৰে এজন জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈ আৰু আন দুজন এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে ৷ এই ক্ষেত্ৰত ধেমাজি অসামৰিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত অধীক্ষক কিশোৰ কামানে জানিবলৈ দিয়া মতে চলিত বছৰৰ জুন-জুলাইত মাহত এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ দুজনৰ মৃত্যু হৈছে আৰু জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ এজনৰ মৃত্যু হৈছে ৷
এতিয়ালৈকে ধেমাজিত এনকেফেলাইটিছত আক্ৰান্ত মুঠ ২৯ জন ৰোগী ধৰা পৰিছে । ইয়াৰে জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হিচাপে চিনাক্ত কৰা হৈছে ছয়জনক । ছয়জন ৰোগীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে আৰু ইতিমধ্যে চিকিৎসাধীন আটাইকেইজনে আৰোগ্য লাভ কৰিছে বুলি স্বাস্থ্য বিভাগে সদৰী কৰিছে ৷
ইপিনে এই ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা অঞ্চলসমূহত সন্ধিয়া ধোঁৱা দি আৰু আঠুৱা বিতৰণ কৰি তৎপৰতা অৱলম্বন কৰিছে ধেমাজি স্বাস্থ্য বিভাগে ৷ তাৰোপৰি গাহৰি গঁড়ালসমূহ মানুহৰ ঘৰৰ পৰা নিলগত নিৰ্মাণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে স্বাস্থ্য বিভাগে ৷ সেইদৰে একেটা সময়তে মাৰাত্মক ৰোগ হিচাপে ডায়েৰীয়া সন্দৰ্ভতো ঘৰে ঘৰে গৈ স্বাস্থ্য কৰ্মীসকলে গৈ সজাগতা অনাৰ প্ৰয়াস কৰিছে ।
জিলাখনৰ 5 টা স্বাস্থ্যখণ্ডৰ 92 টা স্বাস্থ্য উপ-কেন্দ্ৰৰ অধীনত সজাগতা সভা অনুষ্ঠিত কৰি সকলো স্বাস্থ্যকৰ্মী, আশাকৰ্মী সকলক সজাগতা আনিবৰ নিৰ্দেশ দিয়া হৈছে ৷ এনকেফেলাইটিছ ৰোগত ধৰা পৰা ৰোগীক জৰুৰীভাৱে চিকিৎসা কৰিবলৈ ধেমাজি অসামৰিক চিকিৎসালয়ত সাজু কৰি ৰখা হৈছে ১৫ খনকৈ বিচনা ৷
লগতে পঢ়ক : Japanese encephalitis in Assam : আমগুৰিত এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ: চিকিৎসাধীন যুৱক