ধেমাজি, ৩০ মে': ধেমাজি জিলাত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৷ শুকুৰবাৰে একেদিনাই ৪ গৰাকীৰ দেহত কৰ'ণা উপস্থিতি ধৰা পাচত শনিবাৰে পুনৰ এগৰাকী আক্ৰান্ত হয় কৰ'ণাত ৷
![কৰ'ণা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dmj-01-31-gone-homequarantine-30may-photu-as10021_30052020200355_3005f_1590849235_132.jpg)
ইপিনে শনিবাৰে ধেমাজি ট্ৰাক আস্থানত কোৱাৰেণ্টাইন থকা ৩১ গৰাকী ব্যক্তিক হোম কোৱাৰেণ্টাইনৰ বাবে ঘৰলৈ যাব দিয়া হয় ৷ আনহাতে, শনিবাৰে কৰ'ণা চিনাক্ত হোৱা ব্যক্তিজনক ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
![কৰ'ণা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dmj-01-31-gone-homequarantine-30may-photu-as10021_30052020200355_3005f_1590849235_562.jpg)