ETV Bharat / state

Students teachers protest : কেইবাটাও দাবীৰে জোনাই অপ্ৰাদেশীকৃত শিক্ষক সংস্থাৰ প্ৰতিবাদী কাৰ্যসূচী

author img

By

Published : May 13, 2023, 2:31 PM IST

অসমৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে জোনাই মহকুমাৰ 21 খন অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষকে ৷ কেইবাটাও দাবীৰে সদৌ জোনাই জিলা অপ্ৰাদেশীকৃত শিক্ষক সংস্থাৰ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৷ শিক্ষাৰ্থীৰ অংশগ্ৰহণ (Students teachers protest at Jonai) ৷

students protest at Jonai
অপ্ৰাদেশীকৃত শিক্ষক সংস্থাৰ প্ৰতিবাদী কাৰ্যসূচী

জোনাই, 13 মে' : জোনাই জিলা অপ্ৰাদেশীকৃত শিক্ষক সংস্থাই শুকুৰবাৰে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচীৰ ৷ মূৰ্কংচেলেক কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত শুকুৰবাৰে চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়সমূহৰ দৰে অপ্ৰদেশীকৃত বিদ্যালয়তো শিক্ষাৰ্থীসকলৰ মাজত মধ্যাহ্ন ভোজন, বিনামূলীয়া চাইকেল আৰু ইউনিফৰ্ম বিতৰণ ব্যৱস্থা বাহাল ৰাখিবৰ বাবে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ জোনাই মহকুমাৰ 21 খন অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক সংস্থাৰ লগতে শতাধিক শিক্ষাৰ্থীয়ে এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰে (Non provincialised teachers protest at Jonai) ৷

প্ৰতিবাদী কাৰ্যসূচীত শিক্ষাৰ্থীসকলে হাতে হাতে প্লে' কাৰ্ড লৈ 'আমাক বিনামূলীয়া ইউনিফৰ্ম লাগিবই,' 'মধ্যাহ্ন ভোজন লাগিবই,' 'বিনামূলীয়া চাইকেল লাগিব' শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ উল্লেখ্য যে, 5 এপ্রিলৰ দিনা শিক্ষামন্ত্রী ৰণোজ পেগুৰ সৈতে এক আলোচনাত মিলিত হয় এইসকল অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক ৷ অসম চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা শিক্ষাসেতু প'ৰ্টেলত স্বীকৃতিপ্রাপ্ত বিদ্যালয়সমূহৰ তথ্য পূৰণ কৰাৰ সুবিধা প্ৰদান কৰাৰ দৰে অপ্ৰাদেশীকৃত বিদ্যালয়তো তেনে ব্যৱস্থা বাহাল ৰাখিবলৈ দাবী সম্বলিত এক স্মাৰক পত্ৰ জোনাই মহকুমাধিপতিৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীলৈ প্ৰেৰণ কৰা হয় ৷ আনহাতে, সদৌ জোনাই জিলা অপ্ৰাদেশীকৃত শিক্ষক সংস্থাৰ সভাপতি দণ্ডিনাথ পাৱ আৰু সম্পাদক কেশৱ কাৰ্দঙৰ স্বাক্ষৰিত এক স্মাৰক পত্ৰ প্ৰদান কৰা হয় জোনাই মহকুমা অতিৰিক্ত সহকাৰী আয়ুক্তৰ হাতত (students protest at Jonai) ।

তাৎপৰ্যপূৰ্ণ বিষয় যে ৰাজ্যৰ শিক্ষা বিভাগে অতি কৌশলেৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 7 সহস্ৰাধিক ভেন্সাৰ স্কুলৰ চৰকাৰী স্বীকৃতি বাতিল কৰে ৷ ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ পৰিণত হ’ল ভেন্সাৰ স্কুলসমূহ ৷ ফলত 7134 গৰাকী শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীৰ জীৱনলৈ নামি আহিল ঘোৰ অমানিশা ৷ সমগ্ৰ শিক্ষা আৰু পি এম পোচানৰ ৰাজ্যিক ন’ডেল বিষয়াই বিগত 6 এপ্ৰিলৰ দিনা এই নিৰ্দেশনাত স্বাক্ষৰ কৰাৰ পিচতে ৰাজ্যৰ হাজাৰ হাজাৰ ভেন্সাৰ স্কুলৰ শিক্ষক-কৰ্মচাৰীৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ সমান্তৰালকৈ অনিশ্চয়তাত দিন কটোৱা দেখিবলৈ পোৱা গৈছে । কেৱল স্বাকৃতি বাতিলেই নহয় স্বীকৃতি বাতিল হোৱা ভেন্সাৰ স্কুলসমূহলৈ এপ্ৰিল মাহৰ পৰা মধ্যাহ্ন ভোজনৰ চাউল যোগান বন্ধ কৰিবলৈ সকলো জিলালৈ নিৰ্দেশ দিছে বিভাগটোৱে ৷

উল্লেখ্য যে, ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ উন্নীতকৰণৰ অৰ্থে একাংশ শিক্ষানুৰাগীৰ প্ৰচেষ্টাত ঠায়ে ঠায়ে গঢ়ি উঠিছিল ভেন্সাৰ স্কুল ৷ এইবোৰৰ প্ৰাদেশীকৰণ নোহোৱাত হাজাৰ হাজাৰ ভেন্সাৰ স্কুলৰ শিক্ষক-কৰ্মচাৰীয়ে চৰকাৰক প্ৰাদেশীকৰণৰ দাবী জনাই অহাৰ সময়তে চৰকাৰে লোৱা এনে কঠোৰ সিদ্ধান্তক লৈ শিক্ষকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Bihu programme in Charaideo : ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰাসংগিক বিজেপি দল: মন্ত্ৰী যোগেন মহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.