ETV Bharat / state

নতুন ক’ভিড নীতিয়ে জুৰুলা কৰিছে ৰাজ্যৰ শ্ৰমিক সকলক

author img

By

Published : May 26, 2021, 7:40 AM IST

চৰকাৰৰ নতুন ক’ভিড নীতিয়ে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি কৰিছে ৰাজ্যৰ শ্ৰমিকসকলৰ জীৱনত ৷ এনে সময়তে শ্ৰমিক সকলক আৰ্থিক সাহায্য দি সকাহ দিবলৈ চৰকাৰলৈ আহ্বান জনালে ধেমাজি জিলা লোডিং আনলোডিং লেবাৰ ইউনিয়নে ৷

new covid sop creating troubles for labours
নতুন ক’ভিড নীতিয়ে জুৰুলা কৰিছে ৰাজ্যৰ শ্ৰমিক সকলক

ধেমাজি, 26 মে’: শেহতীয়াকৈ চৰকাৰৰ ক’ভিড নীতিয়ে বিপাঙত পেলাইছে ৰাজ্যৰ শ্ৰমিক শ্ৰেণীক ৷ দিন হাজিৰা কৰি ঘৰ চলোৱা এই সকল লোকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ হাহাকাৰৰ সৃষ্টি হৈছে শ্ৰমিকৰ পৰিয়াল সমূহৰ মাজত ৷

সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজি জিলাৰ শ্ৰমিক সকলৰো একেই অৱস্থা হোৱাত এই প্ৰসংগত ধেমাজি জিলাৰ শ্ৰমিক সংগঠন লোডিং আনলোডিং লেবাৰ ইউনিয়ন তথা নৰ্থ আচাম চেকছন ডিভিজন এন এফ ৰেলৱেৰ সভাপতি মুহিন্দ্ৰ কাকতি আৰু সম্পাদক ৰবিন লালুঙে চৰকাৰলৈ জনাইছে বিশেষ আহ্বান ৷ শ্ৰমিক নেতা দুগৰাকীয়ে জনাই যে, বৃহৎ উদ্যোগবিহীন বানাক্ৰান্ত জিলাখনত এতিয়া শ্ৰমিকৰ পৰিয়াল সমূহৰ মাজত হাহাকাৰ লাগিছে ৷ আনহাতে, জিলা শ্ৰমিক সংগঠনৰ হৈ এনে পৰিস্থিতিত নতুন চৰকাৰ খনক চৰকাৰী সাহাৰ্যৰ আহ্বান জনায় শ্ৰমিক নেতা দুগৰাকীয়ে ৷

উল্লেখ্য যে, জিলাখনৰ সদৰৰ লগতে গোগামুখ , মাছখোৱা , মৰিধল ,চিলাপথাৰ ,জোনাই আদিত শ্ৰমিক ৰ সংগঠনৰ অধীনত পঞ্জীয়নভুক্ত হৈ আছে প্ৰায় ৩৫০০০ শ্ৰমিক ৷ ঠিক সেইদৰে, জিলাখনত শতাধিক অসংগঠিত শ্ৰমিকো আছে ৷ কিন্তু কৰ’ণা সৃষ্ট পৰিৱেশে বৰ্তমান এই বৃহৎ সংখ্যক শ্ৰমিকক কৰ্মহীন কৰি তুলিছে ৷

লগতে পঢ়ক : অসম-নাগালেণ্ড সীমান্তত পুনৰ নগাই চলাইছে আগ্ৰাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.