ETV Bharat / state

সন্মিলিত নাৰীশক্তি অসম কেন্দ্ৰীয় সমিতিৰ অধিৱেশন

author img

By

Published : Feb 26, 2021, 1:45 PM IST

সন্মিলিত ‘‘নাৰীশক্তি’’ অসম কেন্দ্ৰীয় সমিতিৰ প্ৰথম বাৰ্ষিক অধিৱেশন বৃহস্পতিবাৰে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 900 মহিলা প্ৰতিনিধিয়ে অংশগ্ৰহন কৰা অধিৱেশন খনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সন্মিলিত গণশক্তি অসম কেন্দ্ৰীয় সমিতিৰ সভাপতি পৰামানন্দ চায়েঙীয়া, বিধায়ক ৰণোজ পেগু আৰু কেন্দ্ৰীয় সমিতিৰ মহিলা বিষয়ববীয়া সকল ৷

সন্মিলিত নাৰীশক্তি অসম কেন্দ্ৰীয় সমিতিৰ অধিৱেশন
সন্মিলিত নাৰীশক্তি অসম কেন্দ্ৰীয় সমিতিৰ অধিৱেশন

ধেমাজি, 26 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সন্মিলিত ‘নাৰীশক্তি’ অসমৰ কেন্দ্ৰীয় সমিতিৰ প্ৰথম বাৰ্ষিক অধিৱেশন ৷ নাৰী সৱলীকৰণ আৰু নাৰী নিৰ্যাতনৰ ওপৰত কাম কৰাৰ উদ্দেশ্য গঠন কৰা হয় এই সভা ৷

এই অধিৱেশনৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে সন্মিলিত নাৰীশক্তিৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী ভৱানী দুৱৰাই, স্মৃতি তৰ্পন কৰে কেন্দ্ৰীয় সমিতিৰ সম্পাদিকা ছায়া দেৱী বৰাই ৷ ইয়াৰ পাছতেই দুপৰীয়াৰ ভাগৰ পৰা সম্পাদকীয় প্ৰতিবেদন পাঠ আৰু পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয় ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 900 মহিলা প্ৰতিনিধিয়ে অংশগ্ৰহন কৰা অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সন্মিলিত গণশক্তি অসম কেন্দ্ৰীয় সমিতিৰ সভাপতি পৰামানন্দ চায়েঙীয়াৰ লগতে ধেমাজিৰ বিধায়ক ৰণোজ পেগু আৰু কেন্দ্ৰীয় সমিতিৰ মহিলা বিষয়ববীয়া সকল ৷

লগতে পঢ়কঃ ৰিপোৰ্ট কাৰ্ড : কাছাৰৰ সাতটা সমষ্টিৰ সবিশেষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.