ETV Bharat / state

লাঠিৰে মৰিয়াই মৰিয়াই হত্যা এজনক - হত্যা

শনিবাৰে পুৱাৰ ভাগত জোনাইৰ বেৰাচাপৰিৰ নলনী পামত নৃশংস হত্যাকাণ্ড ৷ গৰু পোৱালি বাৰীত সোমোৱাক লৈ কাজিয়াত লিপ্ত হৈ এজনে প্ৰাণ ল’লে আন এজনৰ ৷ ঘটনা সন্দৰ্ভত হত্যাকাৰীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে জোনাই আৰক্ষীয়ে ৷

jonai murder
জোনাইত নৃশংস হত্যাকাণ্ড
author img

By

Published : Nov 29, 2020, 10:53 AM IST

জোনাই,29 নৱেম্বৰ : জোনাইৰ বেৰাচাপৰিৰ নলনী পামত শনিবাৰে সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড ৷ জানিব পৰা মতে, পুৱা 6 বজাত নলনী পাম নিৱাসী নৰেন বৰা (45)ই টকাৰ লেনদেন সম্পৰ্কীয় কথাত বিনোদ যাদৱ (55) নামৰ লোকজনৰ সৈতে তৰ্কত লিপ্ত হয় ৷

কাজিয়াৰ মাজতে নৰেন বৰাই বিনোদ যাদৱক কাঠৰ ধান খুন্দা লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰে ৷ হত্যাকাণ্ডটো সংঘটিত কৰিয়েই নৰেন বৰাই আত্মসমৰ্পন কৰিবলৈ চাইকেলেৰে জোনাই থানালৈ গৈ থকা অৱস্থাতে জোনাই আৰক্ষীয়ে আটক কৰে হত্য়াকাৰী নৰেনক ৷

জোনাইত নৃশংস হত্যাকাণ্ড

ইফালে মৃতকৰ পৰিয়ালে সদৰি কৰা মতে, গৰু পোৱালি বাৰীত সোমোৱাক লৈ দুয়ো কাজিয়াত লিপ্ত হয় আৰু ধান খুন্দা লাঠিৰে বিনোদক মাৰি পৰিয়ালৰ আন এগৰাকী মহিলাকো মূৰত আক্ৰমণ কৰে নৰেনে ৷ মহিলা গৰাকীৰ মূৰত 7 টা চিলাই পৰা বুলি জানিব পৰা গৈছে ৷ জোনাই আৰক্ষীয়ে হত্যাকাৰী নৰেনক আটক কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 325/302 ধাৰাৰ অধীনত 137/2020 নং ধাৰাত গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : টকাৰ লোভত পৰি সৰ্বস্ৰান্ত হেৰুৱালে এগৰাকী মহিলাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.