ETV Bharat / state

MP Pradan Baruah Press meet: ৰাজ্যৰ ৰে’লসেৱাত বৈদ্যুতিক ৰে’লৰ সংযোজন

author img

By

Published : Feb 23, 2023, 10:40 PM IST

ৰাজ্যত এতিয়াও শেষ হোৱা নাই কেন্দ্ৰীয় বাজেট 2023 ৰ পৰ্যালোচনা ৷ বাজেট সন্দৰ্ভত ধেমাজিত সংবাদমেল সম্বোধন কৰে সাংসদ প্ৰদান বৰুৱাই (MP Pradan Baruah Press meet)৷

MP Pradan Baruah Press meet on railway budget in Dhemaji
ৰাজ্যৰ ৰে’লসেৱাত বৈদ্যুতিক ৰে’লৰ সংযোজন

ৰাজ্যৰ ৰে’লসেৱাত বৈদ্যুতিক ৰে’লৰ সংযোজন

ধেমাজি, 23 ফেব্ৰুৱাৰী: কেন্দ্ৰীয় চৰকাৰৰ 2023-24 বিত্তীয়(Union Budget 2023) বৰ্ষৰ বাজেট সন্দৰ্ভত ধেমাজিত সংবাদমেল সম্বোধন কৰে সাংসদ প্ৰদান বৰুৱাই (MP Pradan Baruah Press meet)৷ এই বাজেটক অমৃতকালৰ বাজেট বুলি অভিহিত কৰি এতিয়াও অব্যাহত আছে বিজেপি দল আৰু চৰকাৰৰ গুণানুকীৰ্তন । অমৃতকালৰ দৃষ্টি ভংগীৰে এই বাজেট প্ৰস্তুত কৰা বুলি মন্তব্য প্ৰকাশ কৰে সাংসদগৰাকীয়ে (Press meet on railway budget ) ৷

এই বাজেট সন্দৰ্ভত সাংসদ প্ৰদান বৰুৱাই কয়, "এইবাৰ বাজেটত দহ লাখ কোটি Capital investment ৰ কাৰণে ৰাখিছে ৷ যিটো বিগত বছৰত কেৱল 7 লাখ কোটি টকা আছিল ৷ ৰাজ্য চৰকাৰসমূহৰ প্ৰতি লক্ষ্য ৰাখি এই বাজেট উত্থাপন কৰিছে ৷ এই বাজেটখনে ৰাজ্য চৰকাৰসমূহলৈ বিভিন্ন সুবিধা প্ৰদান কৰিছে৷ এই বাজেটত 2.4 লাখ কোটি টকা ৰে’ল বিভাগৰ বাবে ধাৰ্য কৰা হৈছে ৷ এইয়া আজিলৈ ৰে’ল বিভাগৰ বাবে ঘোষণা কৰা সৰ্ববৃহৎ বাজেট ৷ এই বাজেটৰ জৰিয়তে 2023 ৰ শেষলৈকে সীমা নিৰ্ধাৰণ কৰা হৈছে (Discussion on Union Budget) ৷

জোনাইৰ পাছিঘাটলৈকে ইলেকট্ৰিক লাইনেৰে ৰে’ল চলাবলৈ প্ৰয়াস কৰা হৈছে, ইয়াৰোপৰি, মুৰ্কংচেলেক, চিলাপথাৰ, ধেমাজি, লখিমপুৰ ষ্টেশ্যনসমূহ পুনৰ সুন্দৰকৈ নিৰ্মাণ কৰিবৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছে ৷ ইফালে লখিমপুৰ আৰু ধেমাজিত বন্দৰ নিৰ্মাণৰ বাবেও প্ৰস্তুতি চলোৱা হৈছে ৷ এই বন্দৰসমূহেদি বেপাৰ বাণিজ্য কৰিলে অসমৰ অৰ্থনীতিতো যথেষ্ট পৰিমানে লাভবান হ’ব ৷ "

সাংসদ গৰাকীয়ে লগতে কয় যে, এই বাজেটৰ দ্বাৰা বহু আন্তঃগাঠনিৰ উন্নয়ন হ’ব ৷ বিশেষকৈ ৰে’ল বাজেটে বহু পৰিমানে লাভাম্বিত হ’ব ৷ জলপথ ব্যৱহাৰ কৰি নতুনকৈ পাচিঘাটৰ পৰা বগীবিললৈকে জাহাজ ৰখোৱাৰ বাবে বন্দৰ নিৰ্মাণ কৰা হ’ব ৷ যিয়ে আগন্তক দিনত লাভাম্বিত কৰিব (Union Budget 2023) ৷

ইয়াৰোপৰি প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ জৰিয়তে বহু মানুহ উপকৃত হৈছে আৰু অধিক উপকৃত হ’ব ৷ এই বাজেটৰ জৰিয়তে GDP 6.4% আশা কৰিছো ৷ য’ত যথেষ্ট নিয়োগৰ সৃষ্টি কৰিব ৷ এই বাজেটে জনসাধাৰণক উপকৃত কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে সাংসদগৰাকীয়ে ৷

উল্লেখ্য যে, ফেব্ৰুৱাৰীৰ 1 তাৰিখে উত্থাপন কৰা বাজেটখনত ৰে’ল খণ্ডলৈ ২.৪ লাখ কোটি টকা ঘোষণা কৰা হৈছিল ৷ এই বাজেটত নগৰ উন্নয়নৰ বাবে ৰাজ্যসমূহক উৎসাহিত কৰা হৈছে ৷ এই বাজেটৰ অধীনত ৫০ টা বিমান বন্দৰ, হেলিপেড পুনৰ উজ্জীৱিত কৰা হ’ব ৷ ইয়াৰোপৰি ৫০ টা অতিৰিক্ত আঞ্চলিক বিমানবন্দৰৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছিল বাজেটত।

লগতে পঢ়ক: Union Budget 2023 : কেন্দ্ৰীয় বাজেটক অমৃত কালৰ সৰ্বোত্তম বাজেট আখ্যা হৰেনছিং বে'ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.